Assamese Quotes on Life | Mahat Lokar Bani Assamese

Assamese Quotes on Life | Mahat Lokar Bani Assamese 

great man quotes, মহৎ লোকৰ অমৃত বাণী, মহৎ লোকৰ বাণী, মহাত্মা গান্ধীৰ বাণী, great man quotes in assamese, great man quotes about life, great man quotes images, mahat lokar bani assamese, Mahat lokar bani APJ Abdul Kalam, Assamese mohan bani, Mahat lokar bani assamese Mahatma Gandhi, Mohot lukor bani, Assamese Quotes On Education, Assamese Quotes On Love, Assamese Inspirational Quotes, Alone Quotes in Assamese, 100 Assamese Quotes, Assamese Quotes, Assamese Heart touching quotes, Assamese bani, Assamese amrit bani, Assamese motivational quotes,

Assamese amrit bani | Assamese motivational quotes


1. ভাল ঘটনা ভাল টোপনি যোৱাৰ পৰতহে ঘটে। (নেপ'লিয়ান বোনাপাৰ্ট)
2. ভিক্ষাৰীয়ে কোটিপতিক ঈৰ্ষা নকৰে। কিন্তু কোনোবা এজন ভিক্ষাৰীয়ে যদি আনবোৰ ভিক্ষাৰীতকৈ বেছি ধন উপাৰ্জন কৰে, সেইজন ভিক্ষাৰীক আন সকলো ভিক্ষাৰীয়েই ঈৰ্ষা কৰে। ( ব্ৰাৰ্টাণ্ড ৰাছেল)
3. ভগৱানে সেইসকল লোকক ঘিণ কৰে --- যিসকলে নিজৰ গুণ গান কৰে। (ছেণ্ট ক্লিমেণ্ট)
4. ভাগ্যক নিৰ্ভৰ কৰি জীয়াই থকা মানুহ অনাহকত মৰিবলগীয়া হয়। (ৰামকৃষ্ণ পৰমহংস)
5. ভদ্ৰতা জ্ঞান থকা বা সদ বংশত সুশিক্ষা পাই ডাঙৰ হোৱা মানুহে আনৰ বিৰদ্ধে কেতিয়াও অশালীন ভাষা প্ৰয়োগ কৰিব নোৱাৰে। (জন চেলভেন)
6. ভাগ্যক বিশ্বাস নকৰিবা। বিশ্বাস কৰা তোমাৰ শক্তিক। (বি আৰ আম্বেদকাৰ)
7. ভুলৰ বাবে আনক ক্ষমা কৰি দিবা। কিন্তু নিজক কোনোদিনে ক্ষমা নকৰিবা। (চাইৰাছ)
8. ভাৰতৰ অৰ্থনৈতিক সমস্যাৰ এটি মাত্ৰ সমাধান আছে সেয়া হ'ল বিজ্ঞান আৰু বিজ্ঞান আৰু বহুতো বিজ্ঞান। (ছাৰ চি ভি ৰমন)
9. ভাল কৰ্ম কৰাটোৱেই কোনো কৰ্তব্য পালন কৰা নুবুজায়। ই একে অনাবিল আনন্দ। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য আৰু সুখ বাঢ়ি যায়। (জৰথ্ৰুষ্ট)
10. ভাৰতৰ এজন ছাত্ৰই এহাতে ফুটবলতো আনখন হাতত গীতাখন লোৱা প্ৰয়োজন। (স্বামী বিবেকানন্দ)
11. ভগৱানৰ আমি সকলো সমানে জ্ঞানী আৰু সমানেই মূৰ্খও। (এলবাৰ্ট আইনষ্টান)
12. ভৱিষ্যৎ কালৰ সৰ্বাধিক ব্যৱহাৰ কৰে এলেহুৱাই।
13. ভাবৰ স্বৰূপেই স্বভাৱ।
14. মানুহ হ'ল সাংস্কৃতিক জীৱ। মানুহৰ ক্ৰমবিকাশৰ বুৰঞ্জী মানুহৰ সংস্কৃতিৰ আৰু বৈপ্লৱিক বুৰঞ্জী। (জ্যোতিপ্ৰসাদ আগৰৱালা)
15. মানুহৰ আত্মসন্মান বজাই ৰাখিব পাৰি মাথোন এটা উপায়ে; সেইটো হৈছে যি কাম এবাৰত কৰিব নোৱাৰি তাক দ্বিতীয়বাৰত সমাধা কৰাটো। (জে. চি. স্কোৱাৰ)
16. মনৰ সন্তোষেই হ'ল সুখৰ মূল। (হজৰত মহম্মদ)
17. মই এনে এক নিৰ্জনতাৰ মাজত বাস কৰোঁ যি নিৰ্জনতা যৌৱনকালত যন্ত্ৰনাদায়ক, কিন্তু পৰিণতি বয়সত অতি উপভোগ্য। (আইনষ্টাই)
18. মানুহৰ প্ৰতিভাৰ বিকাশ হয় নিৰ্জনতাত; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ হেঁচা-ঠেলাৰ মাজত। (গ্যেটে)
19. মানুহৰ নৈতিক আচৰণৰ ভেটি হোৱা উচিত সহানুভূতি শিক্ষা, সামাজিক সম্পৰ্ক আৰু প্ৰয়োজন। তাৰ কাৰণে কোনো ধৰ্মীয় ভিত্তিৰ প্ৰয়োজন নাই। (আইনষ্টাইন)
20. মহৎ কাম মহৎ ত্যাগৰ যোগেদিহে সম্ভৱ। (স্বামী বিবেকানন্দ)
21. মানুহৰ প্ৰতিটো কাম-কাজ নিয়ন্ত্ৰিত হয় বাহিৰ আৰু ভিতৰৰ প্ৰয়োজনৰ দ্বাৰা। (আইনষ্টাইন )
22. মানুহ জন্মিছে প্ৰকৃতিক জয় কৰিবলৈ, অনুসৰণ কৰিবলৈ নহয়। (স্বামী বিবেকানন্দ)
23. মানুহৰ বাবে মানুহতকৈ গুৰুত্বপূৰ্ণ বিষয় একোৱেই হ'ব নোৱাৰে। (আইনষ্টাইন)
24. মই কেৱল এটা কথাহে জানো, সেয়া হ'ল মই একোকে নাজানো। (ছক্ৰেটিছ)
25. মহাপুৰুষৰ জন্ম হয় মানুহক সজাগ আৰু সহায় কৰিবলৈ। (জৱহৰলাল নেহৰু)
26. মনে মনে থাকা, নহ'লে নীৰৱতাতকৈ শ্ৰেয় কিবা কোৱা। (পাইথাগোৰাজ)
27. মৃত্যুৰ গৃহ নিৰ্মাণ কৰাটোৱেই হ'ল জীৱনৰ অবিৰাম শ্ৰমৰ একমাত্ৰ উদ্দেশ্য। (মণ্টেইন)
28. মোক লক্ষ্য কৰি মাজে মাজে ঘৃণাৰ শৰো নিক্ষেপ কৰা হৈছে। কিন্তু সেইবোৰে মোক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। মোক কাৰণে সেইবোৰ বেলেগ এখন জগতৰ বস্তু। সেইখন জগতৰ লগত মোৰ কোনো সম্পৰ্ক নাই। (এলবাৰ্ট আইনষ্টাইন)
29. মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা, তুমি এনেভাৱে কাম কৰি যোৱা, যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা। (কনফুচিয়াছ)
30. মনক লাঠিৰে স্পৰ্শ কৰা নাযায়। দয়া-প্ৰেম আদিৰ কোমল অনুভূতিবোৰেৰেহে মনক স্পৰ্শ কৰিব পৰা যায়। (ৰামকৃষ্ণ পৰমহংস)
31. মানুহে আন্ধাৰত খুপি খুপি নিজৰ বাটত আগবাঢ়িব লগা হয়।

Assamese Quotes On Education | Assamese Inspirational Quotes,


32. মাজনিশাৰ আগত এঘণ্টাৰ টোপনি, তাৰ পিছত দুঘণ্টাৰ টোপনিতকৈ অধিক মূল্যবান। (টিমথি ডুইট)
33. মানুহৰ বৃত্তি বা ব্যৱসায় চাই ব্যক্তিৰ জীৱন মহৎ নে নীচ ঠিক কৰিব নোৱাৰি; কিন্তু তাক চলোৱাৰ ধৰণ চাই তাৰ মহত্ত্ব ঠিক চিনিব পাৰি। (লৰ্ড এভাৰবেৰী)
34. মানুহৰ জীৱনত মৃত্যু এক প্ৰাত্যহিক ঘটনা। ময়ো মৰিম, কিন্তু কুকুৰ- শিয়ালৰ দৰে নহয়, সন্মানেৰে, যাতে মৰাৰ পিছতো মোৰ নাম দহজনে গৌৰৱেৰে উচ্চাৰণ কৰিব পাৰে। (জেক লণ্ডনৰ গল্পৰ নায়ক)
35. মই জিৰণি ভাল নাপাওঁ; কাৰণ ই মৰিশালীৰ নিচিনা। (এপিক টেটাছ)
36. মাত্ৰ এটা বস্তুৱেই যাৰ প্ৰিয়, সেই মানুহতকৈ ভয়ংকৰ আন কোনো নাই। তেওঁৰ পৰা সাৱধানে থাকিবা। (জিকে চেষ্টাচন)
37. মই জীয়াই থাকিব বিচাৰোঁ আনৰ কাৰণে, মোৰ নিজৰ কাৰণে নহয়--- সেইটোৱেই হ'ল মধ্যবিত্তৰ মানসিকতা। (জৰ্জ বাৰ্নাড শ্ব)
38. মানুহৰ মন পেৰাছুটৰ দৰে, ই খোল খালেহে গতিশীল হয়। (থমাছ দেৱাৰ)
39. মানুহৰ মনৰ ভিতৰতে যিহেতু প্ৰথমে যুদ্ধ আৰম্ভ হয়, সেয়েহে মানুহৰ মনৰ ভিতৰতে তাক প্ৰথমে প্ৰতিৰোধ কৰিব লাগিব। (ৰাষ্ট্ৰসংঘঃ ইউনেস্ক'ৰ সংবিধান)
40. মই ভাবোঁ যে ফুটবলটো এখন পথাৰত চৌদিশে ভৰিৰে গুৰিয়াই ফুৰাৰ আনন্দত কোনেও ফুটবল নেখেলে। ফুটবল আচলতে এক ধৰণৰ যুদ্ধ। (জৰ্জ অৰৱেল)
41. মানুহৰ চকুৰ পৰা হৃদয়লৈ এনে এটা পথ আছে যিটো পথ বুদ্ধিৰ মাজেদি কেতিয়াও নাযায়। (জি কে চেষ্টাৰটন)
42. মৃত্যুৰ আগদিনালৈকে মোৰ দেউতাই মোক কৈছিল--- তুমি যদি জীৱনৰ শেষ দিনটোলৈকে মাত্ৰ পাঁচজন প্ৰকৃত বন্ধু লাভ কৰিছা, তেন্তে তুমি জীৱনত সফল হৈছা। (লি য়াকুজা)
43. মানুহৰ ইজন সিজনৰ ভিতৰত পাথৰ্ক্য--- শক্তিমন্ত আৰু দুবৰ্লীৰ ভিতৰত পাৰ্থক্য, মহৎ আৰু ক্ষুদ্ৰৰ ভিতৰত পাথৰ্ক্য নহয়, কাম কৰিবলৈ মানসিক বল, অদম্য সাহস আৰু প্ৰতিজ্ঞাহে। (টমাছ ফাৱেল বাক্সটন)
44. মানুহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাতকৈ জৰুৰী আন কোনো কামেই থাকিব নোৱাৰে। (ছেণ্ট এম্বজ)
45. মানুহ জন্মতেই দুষ্ট নহয়, সি বেমাৰী হোৱাৰ দৰে পিছতহে দুষ্ট হয়। (ভল্টেয়াৰ)
46. মানুহৰ জীৱনটো এটা আৱেষ্টনীৰ মাজত ৰখা সুষমা ভৰা পদাৰ্থ নহয়। ই অনিৰ্দিষ্ট জীৱন্ত ব্যাপক জ্বলন্ত শিখা। (বিষ্ণু প্ৰসাদ ৰাভা)
47. মনত ৰখা ভাল - যি ৰ'দে অৰণ্যক সেউজ কৰি ৰাখে, সেই ৰ'দেই মৰুভুমিৰো সৃষ্টি কৰে। (আৰবিয়ান নীতি কথা)
48. মানুহে যিমান ভাবে সিমানখিনি কথা ভাষাৰে প্ৰকাশ কৰিব পৰা হ'লে মানুহে কেতিয়াবাই বোবা হৈ পৰিলেহেঁতেন। (ৱালষ্টীট জাৰ্নেল)
49. মই যেতিয়া এটা মানুহ সম্পূ্ৰ্ণকৈ চিনি পাওঁ, তেতিয়া দেখোঁ সেই মানুহটো দেখোন ময়েই। (আলেকজেণ্ডাৰ)
50. মহৎ চিন্তাৰে জীৱন যাপন কৰা। দেখিবা, তুমি কোনো দিনেই এই পৃথিৱীত অকলশৰীয়া হোৱা নাই। (ছাৰ ফিলিপ ছিডনী)


Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form