157 best assamese quotes | Great Man Quote in Assamese | Jibonar Rong


157 best assamese quotes | Great man quotes in assamese



1. মানুহ বিশ্বাসৰ সৃষ্টি। যি ধৰণৰ চিন্তা কৰে সেই ধৰণেৰে হয় মানুহজন। (ভগৱৎ গীতা)
2. মানুহে জ্ঞান নহয়, অধিক কামনা কৰে সুখহে অৰ্থাৎ মানুহে বুঢ়া নোহোৱাকৈয়ে অমৰ হ'ব বিচাৰে। (ছিডনী হেৰিছ)
3. মুক্তি মানুহৰ জন্মস্বত্ব। ( উইনষ্টন চাৰ্চিল)
4. মঞ্চত ভাল বক্ততা দিয়া মানুহজন ভাল নহ'বও পাৰে। (মহাত্মা গান্ধী)
5. মুষ্টিমেয় কেইজনমান জ্ঞানী আৰু বহুতো মূ্ৰ্খ ব্যক্তিক লৈ যিখন সানমিহলি সমাজ সৃষ্টি হয়, তাকেই আমি জনসাধাৰণ বুলি কওঁ। (জনষ্টুৱাৰ্ট মিল)
6. মৃত্যু নহোৱা পৰ্যন্ত কোনো মানুহকে সুখী বুলি নক'বা। (এচিলাছ)
7. মৃত সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেছি ভাল। (বাইবেল)
8. মই শক্তিশালী মতাদৰ্শৰ বিৰোধিতা কৰোঁ - এইবাবেই যে শান্তি প্ৰতিষ্ঠাৰ একমাত্ৰ পথ হ'ল সমাজ ব্যৱস্থাৰ এক বিল্পৱী পৰিৱৰ্তন। শাসক শ্ৰেণীটোৱেই এই বিপ্লৱক হিংসাৰে প্ৰতিৰোধ কৰে বাবেই সিহঁতক একমাত্ৰ সশস্ত্ৰ সংগ্ৰামেৰেই ওফৰাই পেলাব লাগিব। (ক'ডৱেল)
9. মানৱ সমাজৰ বাবে এটা সোণালী যুগে অপেক্ষা কৰি আছে; কিন্তু সেই যুগত উপনীত হ'বলৈ হ'লে পথৰুদ্ধ কৰি ৰখা এই ড্ৰেগনটোক (ধৰ্ম) প্ৰথমে হত্যা কৰিব লাগিব। (ৰাছেল)

Powerful Short Quotes & Sayings About Life


10. মানুহে যদি দেৱতা হোৱাৰ বাসনা পুহি নাৰাখিলেহেঁতেন, তেন্তে মানুহ কীটাণুত পৰিণত হ'লহেঁতেন। (হেনৰী মিলাৰ)
11. মুত্যুৱে চুলিত ধৰি আছে বুলি ধৰ্ম-কৰ্ম কৰিবা। (মহৰ্ষি)
12. মানুহে ভুল স্কীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয়। (আলেকজেণ্ডাৰ পোপ)
13. মানুহে দুটা সময়ত অনুমান নিৰ্ভৰ সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয়। এটা হল- যেতিয়া অনুমান কৰিবলৈ অসমৰ্থ আৰু আনটো হ'ল - যেতিয়া তেওঁ সমৰ্থ। (মাৰ্ক টোৱেইন)
14. মোক ভাল পোৱা বা ঘৃণা কৰা, তাত মোৰ ক'ব লগা নাই; কিন্তু তুমি মোক অৱজ্ঞা নকৰিবা। মই মৰি যাম। ( ডব্লিউ চি ফিল্ডছ)
15. মিছা কাৰণত কোনোৱাই তোমাক ভাল পোৱাতকৈ উচিত কাৰণত তুমি ঘৃণাৰ পাত্ৰ হোৱাটোৱেই শ্ৰেয়। (আড্ৰে জিদ্)
16. মোৰ প্ৰজন্মৰ আটাইতকৈ মহত্ত্বম আৱিস্কাৰ হ'ল মানুহে মনোবৃত্তিৰ পৰিৱৰ্তন কৰি জীৱনকে সলাই পেলাব পাৰে। (উইলিয়াম জেমছ)
17. মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ। ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই; আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। (মহাত্মা গান্ধী)
18. মানুহ হ'ল জন্ম আৰু অতিমানৱৰ মাজৰ এক যোগসূত্ৰ। মানুহৰ ক্ষেত্ৰত মহত্ত্বপূৰ্ণ কথাটো হ'ল - মানুহ হ'ল এক সাঁকোহে লক্ষ্য নহয়। (নীৎসে, জাছ লুক জুৰথ্ৰ)
19. মই বতাহৰ গতি সলাব নোৱাৰোঁ। কিন্তু মোৰ লক্ষ্যস্থান পাবলৈ মই মোৰ নাৱৰ পাল ঠিক কৰি ল'ব পাৰোঁ। (জিমী ডিন)
20. মই তোমাক নিশ্চিত সফলতাৰ মন্ত্ৰ দিব নোৱাৰিব পাৰোঁ। কিন্তু ব্যৰ্থ হোৱাৰ মন্ত্ৰ দিব পাৰোঁ। সেয়া হ'ল - সকলোকে একে সময়তে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা। (হাবাৰ্ট বাথাৰ্ড স্কোপ)

Motivational Quotes To Inspire You Today


21. মানুহে নিজৰ ভাব আৰু স্বভাৱৰ তুলিকাৰে আইনৰ স্বভাৱ বা জীৱনৰ জোখ-মাখ কৰে।
22. যাৰ অন্তৰ মলিন, তেওঁ অদৃশ্য। (মহাত্মা গান্ধী)
23. যিকোনো বিষয়ক নেতিবাচক ৰূপত চালে, তাৰ ফলো নেতিবাচক ৰূপতেই পোৱা যায়। (ফৰাচী প্ৰবাদ)
24. যদি জীৱনক ভাল পায় তেন্তে সময় খৰচ কৰাত হিচাপী হওক কাৰণ জীৱন সময়ৰ সমষ্টি মাথোন। (বেঞ্জামিন ফ্ৰেংকলিন)
25. যিসকলে অতীতক মনত পেলাব নোৱাৰে, তেওঁলোকে এতে ভুলকে কৰি থাকে। (জৰ্জ ছণ্টনা)
26. যুদ্ধ ভাল কথা নহয়, কিয়নো এজন মানুহক পৰাস্ত কৰাটো নিজে পৰাজিত হোৱাৰ সমানে বেদনাদায়ক। (আলবেয়াৰ কেমু)
27. যিকেইটা আদৰ্শ মোক জীৱনত বাট দেখুৱাইছে আৰু হাঁহিমুখেৰে জীৱনৰ মুখামুখি হ'বলৈ সাহস যোগাইছে সেই কেইটা হ'ল - প্ৰেম, সৌন্দৰ্য আৰু সত্য। (আইনষ্টাইন)
28. যিয়ে কিছু পৰিমানে হ'লেও আনৰ কথা নাভাবে, তেওঁ জীয়াই থকাটো অৰ্থহীন। (মণ্টেইন)
29. যি ঈশ্বৰে আমাক জন্ম দিছে, সেই ঈশ্বৰে আমাক স্বাধীনতাও দিছে। (টমাছ জেফাৰছন)
30. যি মানুহ সৌভাগ্যৰ জালত বন্দী হয়, তেওঁকহে দুৰ্ভাগই সৈমান কৰায়। (ছেনেকা)

Motivational Inspirational Quotes About Life & Success 2020 


31. যিয়ে এবাৰ বিশ্বাসঘাটকতা কৰিছে, তেওঁক কেতিয়াও বিশ্বাসত নল'বা। (শ্বেক্সপীয়েৰ)
32. যিজনে ভাষা কি বস্তু আৰু ই কেনেকৈ ৰূপ ল'লে নাজানে, তেওঁ নিজকে শিক্ষিত বুলি কোৱা উচিত নহয়। (মেক্সমুলাৰ)
33. যি মানুহে কাম কৰি স্কীকৃতি অজৰ্ন কৰিব পৰা নাই, তেওঁৰ পক্ষে আনক সমালোচনা কৰাটো শোভা নাপায়। (যোছেফ এডিছন)
34. যি দেশত বছৰি বছৰি খাজনা আৰু কৰৰ হাৰ সলনি হয়, সেই দেশতহে নিৰাপত্তা আৰু সমৃদ্ধি সম্ভৱ। (নেপোলিয়ন বোনাপাৰ্ট)
35. যাৰ টকা কম, তাৰ চিন্তা কম। (ফৰাচী প্ৰবাদ)
36. যি পুৱা শুই উঠাত পলম কৰে তেওঁ গোটেই দিন হাবাথুৰি খাই নিশাও কাম সমাধা কৰিবলৈ সক্ষম নহয়। ( ৰিচাৰ্ড হেনৰী)
37. যেতিয়া প্ৰেমৰ বিষয়ে কথা পাতিবা, তেতিয়া স্বৰ নিম্ন আৰু ভদ্ৰ কৰিবা। (শ্বেক্সপীয়েৰ)
38. যি দুৰ্ঘটনা ঘটাটো স্থিৰ নিশ্চয় নহয় তাক দেখি ভয় খাই কাৰ্য নষ্ট কৰাটো মূৰ্খৰ কাম। (জন বেনিয়ন)
39. যিজনে কদাপি মিছাৰ আশ্ৰয় লোৱা নাই তেওঁৰ দাৰুণ বিশ্বাস হ'ল আন মানুহেও মিছা নকয়। তেওঁৰ পক্ষে কাম আৰু কথাৰ মাজৰ পুৰণি সম্পৰ্কটো ভঙা সহজ নহয়। (হেজলিট)
40. যি মানুহৰ কাম কম, তেওঁৰ কাম কৰিবলৈ সময়ো কম। সদায় কামত ব্যস্ত হৈ থকা মানুহেহে নতুন নতুন কাম কৰিবলৈ সমক্ষ পায়। (লৰ্ড চেষ্টাৰফিল্ড)

Life Quotes — Inspiring the Happy, Good and Funny in Life


41. যিজন মানুহে জীৱনত এবাৰ হ'লেও প্ৰাণ খুলি হাঁহিছে, তেওঁ সম্পূৰ্ণৰূপে কেতয়াও অসৎ হ'ব নোৱাৰে। (কাৰ্লাইল)
42. যি মানুহে অকলে খোজ কাঢ়ে তেওঁ আটাইতকৈ বেগাই খোজ কাঢ়ে। (ৰুডিয়াড কিপলিং)
43. যি সকলে অকল ডাঙৰ কাম কৰি বিখ্যাত হোৱাৰ কথা ভাবে, তেওঁলোকে এটা কথা হয়তো নাজানে যে জীৱন হ'ল সৰু সৰু ঘটনাৰে পৰিপূৰ্ণ। (ফ্ৰেংক এ ক্লাৰ্ক)
44. যি মানুহে নীতিতকৈ সা-সুবিধা লাভতহে বেছি গুৰুত্ব দিয়ে, তেনে মানুহে সময়ত দুয়োটাকে হেৰুৱায়। (আইচেন হাৱাৰ)
45. যি মানুহে সদায় আনক নিন্দা কৰি ফুৰে, তেওঁ আচলতে নিজকহে নিন্দাৰ যোগ্য বুলি প্ৰমাণ কৰে। (জন ছেলডেন)
46. যিজনে "কিয়" জীয়াই থাকিব লাগে জানে, তেওঁ কেনেকৈ জীয়াই থাকিব লাগে তাক ভালদৰে জানে। (নীৎসে)
47. যিমানেই সা-সৰঞ্জাম নষ্ট হ'ল, সিমানেই অভিজ্ঞতা বৃদ্ধি পাব। (বিজ্ঞানী থৰমেটছ)
48. যেতিয়া কামেই তোমাৰ পৰিচয় ঘোষণা কৰিছে, তেন্তে তুমি চিঞৰাৰ প্ৰয়োজন জানো আছে। (আফ্ৰিকান প্ৰবচন)
49. যি সাগৰত ধুমুহা নাই সেই সাগৰত সুনিপুণ নাৱিকৰ আত্মপ্ৰকাশ ঘটা সম্ভৱ নহয়। (আফ্ৰিকান প্ৰবচন)
50. য'ত প্ৰেমৰ শাসন চলে, তাত ইচ্ছা শক্তিৰ প্ৰয়োজন নাই। য'ত ক্ষমতাৰ ৰাজত্ব চলে তাত প্ৰেমৰ স্থান থাকিব নোৱাৰে। (কাৰ্ল য়ুং)

Short Inspirational Quotes We Love - Best Positive Inspiring


51. যিয়ে তোমাক তোষামোদ কৰে বা মিছাকৈয়ে প্ৰশংসা কৰে, তেওঁ তোমাৰ দুখৰ দিনৰ বন্ধু নহয়। বিশ্বস্ত বন্ধু পাবলৈ বৰ দুৰ্লভ। (শ্বেক্সপীয়েৰ)
52. যেতিয়া তুমি পৃথিৱীলৈ আহিছিলা তুমি কান্দি আহিছিলা আৰু ওচৰ - চুবুৰীয়াসকলে হাঁহিছিল, কিন্তু তুমি এনে কাম কৰিবা যাতে, তুমি যেতিয়া পৃথিৱী এৰি যোৱা তেতিয়া যাতে হাঁহি হাঁহি যোৱা আৰু আনে তোমাৰ কাৰণে হিয়া ভুকুৱাই কান্দে। (আব্ৰাহাম লিংকন)
53. যি মানুহে সুখ-শান্তিত জীয়াই থাকিব খোজে, তেওঁ নিজে জনা সকলো কথা মুখ খুলি নকয় আৰু নিজে দেখা সকলো কথা ওপৰত মন্তব্যও নিদিয়ে। (বেঞ্জামিন ফ্ৰেংকলিন)
54. যিয়ে নিজকে আটাইতকৈ ভালদৰে জানে, তেওঁ নিজকে আটাইতকৈ কম সন্মান কৰে। (এইচ জি বন)
55. যাৰ শক্তি প্ৰবল তেওঁহে পৃথিৱীখনক নিজৰ ধৰণে সৃষ্টি কৰিব পাৰে। (গ্যেটে)
56. যিকোনো বৃত্তিত সফল হোৱাৰ প্ৰথমটো খোজ হ'ল বৃত্তিটোৰ প্ৰতি নিজে অনুৰক্ত হোৱা, ভাল পাবলৈ শিকা। (ছাৰ উইলিয়াম অচলাৰ)
57. যদি মানুহে নিহালিৰ জোখেৰে দীঘল দি নোশোৱে, তেন্তে তেওঁৰ ভৰি দুখন জাৰত কঁপিবই। (গ্যেটে)
58. যিবিলাক মানুহে তেওঁলোকৰ সাজ-পোছাককেই আটাইতকৈ মূল্য দিয়ে, তেওঁলোকৰ জীৱনৰ মূল্য তেওঁলোকৰ সাজ-পোছাকতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে। (উইলিয়াম হেজলিট)
59. যি মানুহে ভালপোৱাৰ আৰু ভুল কৰাৰ শক্তি হেৰুৱাই পেলাইছে, তেনে মানুহে তুৰন্তে মৰি যোৱাই ভাল। (গ্যেটে)
60. যি জনে নিজৰ মনক পৰাধীন কৰি ৰাখে, তেওঁৰ পক্ষে চৰিত্ৰ নিকা কৰি ৰখাটো সম্ভৱ নহয়। (ফ্ৰয়েড)

Great Man Speech In Assamese


61. যিজন লোকে সুবিধা পালেই পৰনিন্দাত মতলীয়া হয়, সেইজন লোক স্বাভাৱিকতেই ফেটী সাপতকৈ কোনো গুণে কম নহয়। (চান্দেগ্য উপনিষদ)
62. যি মানুহে জীৱনটোক লৈ খেলা কৰে, তেওঁৰ দ্বাৰা কোনো কাম কৰা নহয়। মানুহে নিজক শাসন কৰিব নোৱাৰে, তেওঁ চিৰকাল দাস হৈ ৰয়। (গ্যেটে)
63. যিবোৰ মানুহে কামত একো নকৰি কেৱল কথাহে কয়; সেইবোৰ মানুহে সকলোবোৰ আদৰ্শবাদীক হত্যা কৰে। (হাৰ্বাট হোডাৰ)
64. যেতিয়া আপুনি কোনো এটা পৰিস্থিতিৰ বিষয়ে বুজিবলৈ টান পায় তেতিয়া তাৰ অন্তৰালত থকা বিত্তীয় স্বাৰ্থৰ সম্পৰ্কত অনুসন্ধান কৰা উচিত। (টম এল জনছন)
65. যিয়ে দুৰ্যোগ কি বস্তু আগতেই জানে, তেওঁৰ যন্ত্ৰণাও বহু আগতেই আৰম্ভ হয়। (হেনৰি মেকেনজি)
66. যিবোৰ কিতাপ কোনেও নপঢ়ে, সেইবোৰৰ প্ৰশংসাত সকলো পঞ্চমুখ। (আনতোল ফ্ৰাঁ)
67. যি দেশে, যি জাতিয়ে মহিলাক সন্মান নকৰে, সেই দেশ বা জাতি মহানহ'ব পৰা নাই আৰু ভৱিষ্যতেও হ'ব নোৱাৰে। (স্বামী বিবেকানন্দ)
68. যি শিক্ষাই নিজক আনৰ হাতত বেচিবলৈ শিকায়, তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ জধামূৰ্খ হোৱা বহুগুণে ভাল। (হেম বৰুৱা)
69. যি মানুহে আনক সন্ত্ৰস্ত্ৰ আৰু ভীতিগ্ৰস্ত কৰি ৰাখে, তেওঁ নিজেও সদায় ভয়ৰ মাজত বাস কৰিবলগীয়া হয়। ( ক্লাডিয়ান)
70. যিজনে সুন্দৰভাৱে জীৱন নিবাৰ্হ কৰিছে, হাঁহিমুখে জীৱনৰ মুখামুখি হৈছে আৰু প্ৰেমেৰে জীৱন ভৰাই তুলিছে, তেৱেঁই সফল মানুহ। (ৱেছী ষ্টেল্টী)

Best assamese Quotes, Status, Shayari, Poetry & Thoughts


71. যুদ্ধ নহয়; প্ৰেমহে মৃত্যুতকৈ শক্তিশালী। (থমাছ মান)
72. যেনেদৰে মুখ খোলাৰ সময় আছে, তেনেদৰে নীৰৱে থকাৰো সময় আছে। (উইলিয়াম কেক্সটন)
73. যি হতাশ হ'ব নাজানে; তেওঁ জীয়াই থাকিবৰ কোনো দৰ্কাৰ নাই। (গ্যেটে)
74. যি দেশে সঁচা আৰু মিছা মুকলিকৈ মানুহৰ মাজত চৰ্চা হোৱা আৰু বিচাৰ হোৱাটো নিবিচাৰে, সেই দেশৰ শাসনকৰ্তাই মানুহক ভয় কৰে। (জন. এফ. কেনেডী)
75. যিটো তুমি আজিয়েই শেষ কৰিব পাৰা, সেইটো তুমি কাইলৈৰ বাবে কেতিয়াও থৈ নিদিবা। (লৰ্ড চেষ্টাৰফিল্ড)
76. যিজনে নিজকে ভালদৰে জনে, তেৱেই নিজকে পৃথিৱীৰ আটাইতকৈ সাধাৰণ মানুহ বুলি গণ্য কৰে। (এইচ জি বন)
77. যিজনে মনক বন্দী কৰি ৰখা শিকলি ছিগি পেলাইচে আৰু দুশ্চিন্তাক চিৰদিনৰ বাবে নিৰ্বাসন দিব পাৰিছে, তেৱেঁই এই পৃথীৱীত সুখী মানুহ। (অডিড)
78. যেতিয়ালৈকে অভাৱ থাকে, তেতিয়ালৈকে জীয়াই থকাৰ কাৰণ থাকে। মোৰ বাবে সন্তুষ্টিয়েই মৃত্যু। (জৰ্জ বাৰ্নাৰ্ড শ্ব')
79. যুদ্ধ এনে ধ্বংসাত্মক কাৰ্য যে যি যুদ্ধ কৰে, সি বিবেকক বিসৰ্জন দিয়ে। (টলষ্টয়)
80. ৰাজনীতি হৈছে ৰক্তপাতহীন যুদ্ধ আৰু যুদ্ধ হৈছে ৰক্তাক্ত ৰাজনীতি। (মাও চে টুং)

Assamese motivational Quotes by jagrat | Inspirational quotes, Sweet love


81. ৰাজনীতি হ'ল সম্ভাৱনাৰ কলা। (বিচমাক)
82. ৰাজনীতিকসকলে সকলো ঠাইতে একেই। তেওঁলোকে নদী নোহোৱাকৈয়ে দলং সজাৰ প্ৰতিশ্ৰুতি দিব পাৰে। (নিকটা খ্ৰুচেভ)
83. লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক পৱিত্ৰ কৰাটো তাতকৈ বুদ্ধিমানৰ কাম। (মহাত্মা গান্ধী)
84. ল'ৰা-ছোৱালীয়ে ডাঙৰ হৈ কেনেদৰে চলে, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মাকৰ ওপৰত। (নেপোলিয়ন বোনাপাৰ্ট)
85. লেথেৰি নিছিগা সুখৰ দিনবোৰৰ বাহিৰে জীৱনত আন সকলো বস্তুকেই সহ্য কৰিব পাৰি। (গ্যেটে)
86. শান্তি বিজয় ঘোষণা যুদ্ধ জয়তকৈ কোনো গুণে কম গুণৰ নহয়। (মিটন)
87. শান্ত সাগৰে কেতিয়াও এজন সুধক্ষ নাৱিক হোৱাত সহায় কৰিব নোৱাৰে। (অজ্ঞাত)
88. শক্তি ধন নহয়, সততা আৰু পুণ্যহে ধন। (স্বামী বিবেকানন্দ)
89. শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। (ছক্ৰেটিছ)
90. শক্তি যাৰ ক্ষমতা তাৰেই। (মেকিয়াভেলী)

Best Assamese quotes images | K quotes, Quotes, Be yourself quotes


91. শিক্ষা এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে। (সুভাষ চন্দ্ৰ বসু)
92. শগুণ যিমানেই ওপৰত উৰি নুফুৰক কিয়, চকু সদায় শৱদেহতহে। (স্বামী বিবেকানন্দ)
93. শত্ৰুক ক্ষমা কৰি দিবা। কিন্তু কোনোদিনে তেওঁলোকৰ নাম নাপাহৰিবা। (জন এফ কেনেডী)
94. শেষ বিচাৰৰ দিনটোলৈ অপেক্ষা নকৰিবা। প্ৰত্যেক দিনেই তোমাৰ বিচাৰ চলিব লাগিছে। (আলবেয়াৰ ক্যেমু)
95. শান্তি বলপূৰ্বকভাৱে প্ৰতিষ্ঠা কৰিব নোৱাৰি। ইয়াক কেৱল পাৰস্পৰিক বুজা-বুজিৰ মাজেদিয়েহে পাব পাৰি। (এলবাৰ্ট আইনষ্টাইন)
96. শীতৰ গভীৰত মই অৱশেষত আৱিষ্কাৰ কৰিলোঁ মোৰ সভ্যন্তৰতে এক অদৃশ্যমান গ্ৰীষ্ম। (আলবেয়াৰ ক্যেমু)
97. শিক্ষকসকলেহে ৰাষ্ট্ৰৰ মন আৰু আত্মাৰ প্ৰকৃত খনিকৰ। (জৰ্জ ৱাশ্বিংটন)
98. সকলো আনন্দদায়ক কামেই জিৰণি, অলাগতিয়াল জিৰণি হাড় ভঙা কামতকৈ গধুৰ। (নেপোলিয়ান বোনাপাৰ্ট)
99. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। (মহাত্মা গান্ধী)
100. সৃষ্টিৰ আৱেগ যি মানুহে ৰুদ্ধ কৰি ৰাখে, তেনে মানুহে মানুহৰ প্ৰগতিকে ৰুদ্ধ কৰি দিয়ে। (জোচেফ ক্লিমেণ্ট অ'ৰজকো)

মহৎ লোকৰ অমৃত বাণী। Mahat Lokar Bani - Quotes in Assamese


101. সত্য আৰু শুদ্ধ ধৰ্মৰহে গতি আছে, ভুল ধাৰণাৰ গতি নাই। (মহাত্মা গান্ধী)
102. সময়েই ধন। এই কথা সদায় মনত ৰাখিবা। (বেঞ্জামিন ফ্ৰেংকলিন)
103. সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, সত্য সদায় ভয়ংকৰ। যি কাপুৰুষ তেওঁহে কেতিয়াও সত্যৰ মুখামুখি হ'বলৈ নোৱাৰে। (মহাত্মা গান্ধী)
104. সত্য কি - তাক অজ্ঞানীয়েহে বুজি নাপায়। (বুদ্ধদেৱ)
105. সৌন্দৰ্যই কেৱল সেইসকল লোকৰ মনতহে ঠাই পায় - যি ইয়াক উপভোগ কৰিব জানে। (ডেভিদ হিউম)
106. সামান্য অৱহেলাই ডাঙৰ অঘটন ঘটাব পাৰে। (বেঞ্জামিন ফ্ৰেংকলিন)
107. সৎ পন্থা অৱলম্বন কৰিহে ভাল লক্ষ্যত উপনীত হ'ব পৰা যায়। (আলবেয়াৰ ক্যেমু)
108. সুন্দৰতম বস্তু হ'ল সেইবোৰ - যিবোৰত প্ৰেৰণা আহে ভাবোন্মাদনাৰ পৰা, কিন্তু যিবোৰ লিখিত হয় যুক্তিৰদ্বাৰা। (আঁদ্ৰে জিদ)
109. সত্য সবাতোকৈ মহান, কিন্তু তাতোকৈ মহান হ'ল সত্যানুন্ধানী জীৱন। (গুৰু নানক)
110. সম্পূৰ্ণ সত্য জানিবলৈ যি মানুহে অপেক্ষা কৰি থাকি নিজৰ মনোভাব প্ৰকাশ নকৰে তেওঁ হয় কাপুৰুষ অথবা বোবা। (যোছেফ ক্লিমেণ্ট অৰ'জকো)

Best Assamese Quote Collection | Assamese Status 


111. সমগ্ৰ পৃথিৱী মোৰ স্বদেশ। পৰোপকাৰ মোৰ ধৰ্ম। (টমাছ পেইন)
112. সোণালী কুঁৱলী দেখিবলৈ যিমানেই ভাল নহওক কিয় সূৰ্যৰ পৰিষ্কাৰ পোহৰহে কাম্য (বাৰ্ট্ৰাণ্ড ৰাছেল)
113. সহজে পোৱা কোনো বস্তুৰে তৃপ্তি নাথাকে। তৃপ্তি কঢ়িয়াই কষ্ট সাধ্য বস্তৱেহে। (থমাছ হাৰ্ডি)
114. সকলোতকৈ টান কাম হ'ল নিজক চিনিবলৈ আৰু সকলোতকৈ সহজ কাম হ'ল আনৰ কামত দোষ খুচুৰি উলিওৱাটো। (থেলছ- গ্ৰীক দাৰ্শনিক)
115. সৎ সংগত সদায় থাকিবা, দেখিবা তুমিও এজন সৎ লোক হৈছা। (জৰ্জ হাবাৰ্ট)
116. স্বাভাৱিক ষখঙে জ্ঞানী মানুহৰ মনত ভুমুকি মাৰে মাথোঁ; কিন্তু বুদ্ধিহীন মানুহৰ মনত বহি লয়। (এফ ডব্লিউ ফেৰাৰ)
117. সাহস যে অকল যুদ্ধক্ষেত্ৰত দেখুৱাব পাৰি তেনে নহয়, দৈনন্দিন জীৱনৰ কামবোৰতো সাহস দেখুৱাব পাৰি। (ছেমুৱেল স্মাইলছ)
118. স্বাস্থ্যই সৰ্বোচ্চ সুখ, দ্বিতীয়ত সৌন্দৰ্য উপভোগ, তৃতীয়ত সজ উপায়েৰে ঘটা ধন, চতুৰ্থত সজ বন্ধুৰ সংগজনিত আনন্দ। (চিমমিছিছ)
119. সময় হ'ল এজন মহান শিক্ষক। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে এইজন শিক্ষকে তেওঁৰ সকলো ছাত্ৰকে মাৰি পেলায়। (বাৰ্লিয়জ)
120. স্বাস্থ্য খুব ভাল হোৱাটো ভাল স্বাস্থ্যৰ লক্ষণ নহয়। (লিঅ' ৰষ্টেন)
121. সভ্য মানুহে যিকোনো বিষয়ে কথা পাতিব পাৰে। তেওঁলোকৰ বাবে নিষিদ্ধ বিষয় বুলিবলৈ একো নাই। (ক্লাইভ বেল)
122. সফলতাৰ চাবি-কাঠি কাক বোলে মই নাজানো। কিন্তু মই এটা কথা ভালদৰে জানো সেয়া হ'ল - সকলোকে সকলো সময়তে সন্তুষ্ট কৰাৰ মানসিকতাই হ'ল পতনৰ মূল কাৰণ। (বিল বাছবি)
123. সময় আৰু পৰিস্থিতিয়ে আপোনাক যদি দুৰ্বল কৰি পেলোৱা নাই, তেন্তে আপুনি মহৎ জীৱন এটা যাপন কৰিছে। (জন বুচান)

Great Man Quotes in Assamese | মহৎ লোকৰ বাণী | Mahat Lokar Bani


124. সংসাৰত এনে মূৰ্খ নাই যি সুখী হ'ব পাৰিছে আৰু এনে জ্ঞানী লোক নাই যি সুখী নোহোৱাকৈ আছে। (চিচাৰো)
125. সামগ্ৰিকভাৱে মানুহৰ আচৰণৰ মান নিৰ্ভৰ কৰে, তেওঁৰ তিনিটা সম্পৰ্কৰ ওপৰতঃ সমাজৰ লগত তেওঁৰ সম্পৰ্ক, নিজৰ কামৰ লগত তেওঁৰ সম্পৰ্ক আৰু বিপৰীত লিংগৰ লগত তেওঁৰ সম্পৰ্ক। (এলফ্ৰেড এডলাৰ)
126. সপোনক অধিক বিশ্বাস কৰা লোকে জীৱনটো শুয়েই কটাব বিচাৰে। (চীনা প্ৰবচন)
127. সদায় মধুৰভাষী হ'বলৈ যত্ন কৰিবা। মিঠা মাতৰ গুৰুত্ব অপৰিসীমা। এই কথা সদায় মনত ৰাখিবা। মুখৰ মাতষাৰেও মানুহৰ বিৰাট উপকাৰসাধিব পাৰে। (ঋকবেদ)
128. সু-মধুৰ শব্দৰে মানুহক আদৰিবা। কথাৰ শেষত ব্যৱহাৰ কৰা হাজাৰ মধুৰ শব্দতকৈ আৰম্ভণিৰ এটা মধুৰ শব্দ অধিক কাৰ্যকৰী আৰু স্মৰণীয় হৈ ৰয়। (ৱেলছ প্ৰবচন)
129. সাজ-পোছাকে মানুহক ভদ্ৰ কৰি নোতোলে। সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্ৰকৃত ভদ্ৰলোক হ'ব পাৰি। (মহাত্মা গান্ধী)
130. স্বাধীনতাৰ শত্ৰুসকলে কেতিয়াও যুক্তি সহকাৰে তৰ্ক নকৰে, তেওঁলোকে চিঞৰ-বাখৰ কৰে আৰু গুলী কৰে। (উইলিয়াম ৰালফ ইঞ্জ)
131. সত্য কাৰো ব্যক্তিগত সম্পত্তি নহয়, হ'ল সকলো মানুহৰে বৈভৱ। (বালফ ৱাডো এমাৰছন)
132. সন্তুষ্টি প্ৰকৃতিৰ সম্পদ, বিলাসিতা কৃত্ৰিম দৰিদ্ৰতা। (ছক্ৰেটিছ)
133. স্কুল-কলেজত শিকা সকলে কথা পাহৰি যোৱাৰ যিখিনি কথা মনত থাকি যায় সেইখিনিয়েই প্ৰকৃত শিক্ষা। (বি এফ স্কিনাৰ)
134. সফল মানুহে জীৱনকালত বহু ককৰ্থনা-গৰিহণা খাব লগা হয়, যিদৰে ফল ধৰা আম গছেহে শিলগুটিৰ কোব খায়। শিলগুটিৰ কোব খালে বুলিয়েই আমজোপা পিছৰ বছৰ নলগাকৈ নাথাকে। (শিৱ খেৰা)

মহৎ লোকৰ অমৃত বাণী। Mahat Lokar Bani - Quotes in Assamese


135. সেইজনেই সুখী, যিজনে অতীতত কেনেদৰে স্মৰণ হোৱাটো জানে, জীৱনত উপভোগ কি বস্তু বুজি পায় আৰু ভৱিষ্যতৰ কাৰণে পৰিকল্পনা কৰি আগুৱাই যায়। (এ. গিৰছন)
136. সেইখনকেই আমি ভাল উপন্যাস বুলি কওঁ - যিখন উপন্যাসে তাৰ মূল চৰিত্ৰটোৰ বিষয়ে সঁচা কথাখিনি আমাক জানিবলৈ দিয়ে। বেয়া উপন্যাসে আমাক জানিবলৈ দিয়ে লেখকজনৰ জীৱনৰ সত্য । (জি. কে. চেষ্টাৰটন)
137. সম্পত্তি নাশতকৈ শত্ৰু সৃষ্টি কৰাটো বেছি অনিষ্টকাৰক। সম্পত্তি নাশে কোষ বিপন্ন কৰে, শত্ৰুৰ সৃষ্টিয়ে জীৱন বিপদাপন্ন কৰে। (কৌটিল্য)
138. স্বাভাৱিকতে মানুহ আটাইতকৈ মহৎ প্ৰাণী। আইন আৰু ন্যায়ৰ পৰা তেওঁ আঁতৰি অহাৰ লগে লগে হৈ পৰে আটাইতকৈ নীচ প্ৰাণী। (এৰিষ্ট'টল)
139. সংগ্ৰামে মানুহৰ মনত দৃঢ় সংকল্প ওপজায়। (মুছোলিনি)
140. স্মৃতিশক্তি যদি প্ৰখৰ নহয়, তেন্তে তুমি কেতিয়াও মিছা মাতিবলৈ দুঃসাহস নকৰিবা। (মণ্টেইন)
141. সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ যদি বিছাৰিছা; তেন্তে এটা কথা সদায় মনত ৰাখিবা- মাত মতাৰো যেনেকৈ সময় আছে, মৌনতাৰো সময় আছে। (উইলিয়াম কেক্সটন)
142. সময় আৰু পৰিস্থিতিয়ে আপোনাক যদি দুৰ্বল কৰি পেলোৱা নাই, তেন্তে আপুনি মহৎ জীৱন এটা যাপন কৰিছে। (জন বুচন)
143. সত্যটোৱেই যেতিয়া লাভজনক তেনে অৱস্থাত কেতিয়াও মিছাৰ আশ্ৰয় নল'বা। (ষ্টেনিছন জে লি)
144. সুন্দৰ জীৱন কোনেও কাকো দিব নোৱাৰে যদিহে নিজে গঢ় দি নলয়।
145. সুখ-শান্তি বিচাৰ বিবেচনা লগাই আৰ্জি ল'ব লাগে, নিজে নিজে নাহে।
146. স্পষ্ট ভাষাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল কৃত্ৰিমতা। যেতিয়া মানুহৰ মুখৰ আৰু মনৰ কথাৰ মিল নাথাকে, তেতিয়া মানুহে স্বাভাৱিকভাৱে ই দীঘলীয়া শব্দ আৰু জটিল বাক্য গাঁথনিৰ আশ্ৰয় লয়। (জৰ্জ অৰৱেল)

Most Popular Assamese Quotes About Life | Mahat Lokar Bani


147. সন্তক পৰিত্ৰাণ দিবলৈ দুষ্কৃতিকাৰীক বিনাশ কৰিবলৈ আৰু ধৰ্মৰ পুনৰ সংস্থাপন কৰিবলৈ, ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। (জ্ঞানযোগ, গীতা)
148. হাবিত নীৰৱে ফুলা ফুলৰ দৰে প্ৰতিভাৰ বিকাশ ঘটে; চৰিত্ৰ গঠন হয় হাই-উৰুমিৰ মাজত। (গ্যেটে)
149. হতাশাক কেতিয়াও প্ৰশ্ৰয় নিদিবা। এবাৰ প্ৰশ্ৰয় দিলেই ই তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব। ইয়াক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা। (ছিডনী স্মিথ)
150. হঠাতে জোৰপূৰ্বক কৰা কামতকৈ ঢাপে ঢাপে কৰা কাম বেছিদিন স্থায়ী হয়। এটা এটা কৰি সময়ত বহুতো কাম সম্পাদন কৰিব পাৰি। (লুটাক)
151. সদায় মনত ৰাখিবা- হাঁহিলে যিকেইটা দাঁত ওলায় সেইকেইটাদাঁত গালি পাৰিলেও ওলায়। (আফ্ৰিকান প্ৰবচন)
152. হাঁহি মানুহৰ বিৰল সম্পদ। প্ৰকৃতিত একমাত্ৰ মানুহেই হাঁহিব পাৰে। এইকথা দদায় মনত ৰাখিবা। (গ্ৰেভাইল)
153. ক্ষমতাত থকাজনে ভুল নকৰাটোৱেই ডাঙৰ কৰা নহয়, কিন্তু সেই ভূলৰ পৰাাই জ্ঞানীজনে ভৱিষ্যতৰ প্ৰজ্ঞা লাভ কৰে। (প্লুৰ্টাক)
154. ক্ষমতা আৰু স্বাধীনতা তাপ আৰু জলীয় পদাৰ্থৰ নিচিনা। সঠিক জোখত দুয়োটা মিলি থাকিলে সি সকলোৰে শ্ৰীবৃদ্ধিত সহায় কৰে। মাথোঁ এটা থাকিলেে আনটো নাথাকিলে ইটোৱে সিটোক ধ্বংস কৰে। (ছেভিল)
155. ক্ষুধাৰ্ত বাঘ আৰু প্ৰেমাৰ্ত তিৰোতাৰ পৰা নিস্তাৰ পোৱাৰ কোনো উপায় নাই। (আনেৰ্ষ্ট ব্ৰামাহ)
156. ক্ষুধাক নিয়ন্ত্ৰণ কৰা, দেখিবা তুমি মানৱ প্ৰকৃতিক জয় কৰিছা (চাৰ্লছ ডেকেল)
157. ক্ষমতাৰ অবিহনে কেৱল ন্যায়ে একো কৰিব নোৱাৰে। ন্যায়হীন ক্ষমতা স্বৈৰাচাৰত পৰ্যবসিত হয়। (লাস্কেল্)

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

1 Comments

Previous Post Next Post

Contact Form