45 Mahat Lokar Bani - Quotes in Assamese | মহৎ লোকৰ অমৃত বাণী

45 Mahat Lokar Bani - Quotes in Assamese - মহৎ লোকৰ অমৃত বাণী



Assamese Inspirational Quotes, Assamese Quotes

1. কাম কৰি জীৱনত কিমান খ্যাতি অৰ্জন কৰিলো, সেইটো ডাঙৰ কথা নহয়। জীৱনটো কিমান সুন্দৰকৈ পাৰ কৰিলা সেইটোহে ডাঙৰ কথা। (হেমিংৱে)
2. কোনটো বাটেদি যাব লাগে, সেই কথা যিজনে আগতে গম পায়, তেওঁ বেছি দূৰ আগুৱাব নোৱাৰে। (নেপোলিয়ন বোনাপাৰ্ট)
3. কাৰণ নোহোৱাকৈ অযথা খং, নিৰথৰ্ক বাৰ্তালাপ, উন্নতিবিহীন পৰিবৰ্তন, উদ্দেশ্যহীন অনুসন্ধান, অচিনাকিক বিশ্বাস আৰু শত্ৰুক বন্ধু জ্ঞান---- এই ছয় কৰ্মৰ পৰা মূৰ্খক চিনিব পাৰি। (পাৰস্যৰ প্ৰবচন)
4. কিয়নো জেউৰা দিয়া হৈছে তাক নজনাকৈ জেউৰাখন ভাঙিবলৈ যত্ন নকৰিবা। (ৰৰ্বাট ফ্ৰষ্ট)
5. কোনো মানুহে যদি উপদেশ দি ভাল পায়, জানিবা তেওঁকহে উপদেশৰ প্ৰয়োজন অধিক। (লৰ্ড হেনিফেক্স)
6. কাইলৈ কি হ'ব তাক লৈ অনাহকত উৎকণ্ঠিত নহ'বা। এটা দিন নিজৰ ওচৰতে ভাৰাক্ৰান্ত। সেই দিনটোৰ বেদনা সেই দিনটোৰ বাবেই যথেষ্ট। (বাইবেল)
7. কৰ্তব্যজ্ঞানে লোকক উদাৰ, মহৎ কৰে। এলাহে অধম কৰে। (সত্যনাথ বৰা)
8. কণ্ঠস্বৰ আৰু মৌনতা--- সদায়ে মৌন হৈ থকাজনৰ আমি যিমান নিৰাপদ অনুভব কৰোঁ, তাতোকৈ নিৰাপদ অনুভৱ কৰোঁ মুখৰজনৰ ওচৰত। (ই এম চিয়ৰণ)
9. কিতাপ পঢ়াৰ প্ৰতি অনুৰাগ হ'লেই যে প্ৰকৃত শিক্ষাৰ বাট মুকলি হয় এনে নহয়, বৰং ই জ্ঞান অৰ্জনৰ বাটত সময়ে সময়ে প্ৰতিবন্ধকতাৰ সৃষ্টিহে কৰে। (লৰ্ড এভাৰবেৰী)
10. খাবলৈ জীয়াই নাথাকিবা, জীয়াই থাকিবলৈহে খাবা। (মহাত্ম গান্ধী)
11. গুণ নাথাকিলে ৰূপে শোভা নকৰে, দুষ্ট প্ৰকৃতিয়ে বংশ নাশ কৰে, সৎ আচৰণ নকৰিলে বিদ্যাৰ কোনো মূল্য নাই আৰু ভোগহীনৰ সকলো ধৰ্ম বিফলে যায়। (চাণক্য)
12. গছ যিমানেই ওখ নহওক কিয়, ইয়াৰ পাত সদায় মাটিলৈকে সৰি পৰে। (মালয়ী প্ৰবচন)
13. গাহৰিক কেতিয়াও গান গাবলৈ, শিকাবলৈ মৰসাহ নকৰিবা। প্ৰথম কাৰণঃ তোমাৰ সময় অপচয় হ'ব, দ্বিতীয়তে গাহৰিও আমনি পাব। (লেজাৰচ লং)
14. গোলাপৰ গছত কাঁইট থকাৰ বাবে তুমি অভিযোগ কৰিব পাৰা আৰু কাঁইটৰ মাজতো যে গোলাপৰ দৰে সুন্দৰ ফুল থাকিব পাৰে, তাক প্ৰশংসাও কৰিব পাৰা। (টম উইলছন)
15. গতিয়েই জীৱনৰ শেষ লক্ষ্য নহয়, খোজ কাঢ়ি যোৱা মানুহে বেছি দেখিবলৈ পায় আৰু বেছিদিন জীয়াই থাকে। (মহাত্ম গান্ধী)
16. ঘৰৰ দুৱাৰত তলা নামাৰা আৰু কেতিয়াও মিছা কথা নকোৱা--- দুয়োটা একেই কথা। (এলিজাবেথ বাৱেন)

 Assamese Quotes On Education - Assamese Quotes

17. চিৰকালৰ বাবে তুমি জীয়াই থাকিবা সেই ভাবি শিকিবা আৰু কাইলৈকে তোমাৰ মৃত্যু ঘটিব, সেই ভাবি জীয়াই থাকিবা।--- (মহাত্ম গান্ধী)
18. চোৱা, এটা সমাধিয়ে আজি তেওঁৰ কাৰণে পৰ্যাপ্ত, অথচ জীয়াই থাকোঁতে তেওঁক গোটেই জগতখনেও অটা নাছিল। (মহামতি আলেকজেণ্ডাৰ)
19. চিৰদিন জীয়াই থাকিবা বুলি ভাবি তুমি সপোন দেখিবা। কাইলৈৰ দিনটোৱেই তোমাৰ শেষ দিন এই ভাবি জীয়াই থাকিবা। (জেমছ ডিন)
20. চিঞৰ-বাখৰ একো প্ৰমাণ নকৰে । কুকুৰাই কণী এটা পাৰিবৰ সময়ত এনে চিঞৰ-বাখৰ কৰে, যেন তাই গোটেই পৃথিৱীখনকে প্ৰসৱ কৰিব। (মাৰ্ক টোৱেইন)
21. চকুলো দেখিলে আচৰিত নহ'বা। হাঁহি-চকুলোত থাকে প্ৰত্যাশা আৰু কান্দোনৰ চকুপানীত থাকে প্ৰতিশোধ পৰায়ণতা। (অজ্ঞাত)
22. চাৰি প্ৰকাৰৰ ব্যক্তিয়ে ভগৱানক ভক্তি কৰে। সেইকেইজন হ'ল--- অৰণ্যত থকাজন, জ্ঞানৰ হাবিয়াসীজন, অৰ্থ লাভৰ ইচ্ছুকজন আৰু জ্ঞানীজন। (জ্ঞান-বিজ্ঞানযোগ, গীতা)
23. ছাত্ৰাণাম অধ্যয়নং তপঃ ছাত্ৰসকলৰ পঢ়া-শুনাই তপস্যা। (নীতি শ্লোক)
24. জনমত এনেকুৱা এটা বস্তু--- যাক দুৰ্বলীয়ে ভয় কৰে, মূৰ্খই উলংঘা কৰে, জ্ঞানীয়ে বিচাৰ কৰে আৰু বুদ্ধিমানে নিয়ন্ত্ৰণ কৰে। (জ্যাঁ ৰোঁলা)
25. জন্ম আৰু মৃত্যুৰ একমাত্ৰ চিকিৎসা হৈছে দুয়োটাৰ মাজৰ সময়খিনি হাঁহিৰে উপভোগ কৰা। (জৰ্জ ছণ্টিয়ানা)
26. জীৱন সত্য, জীৱন বিশ্বস্ত, কবল ইয়াৰ লক্ষ্যস্থল নহয়। (লং ফেলো)
27. জ্ঞানী মানুহে নাৰীৰ সংস্পৰ্শলৈ অহাটোৱেই উচিত নহয়। (টলষ্টয়)
28. জীয়াই থকাৰ বাবে আমি সদায় সাজু হওঁ, কিন্তু সেই জীয়াই থকাটো নহয়গৈ কেতিয়াও। (ইমাৰ্ছন)
29. জীৱনত এটা কথাত কেতিয়াও ভুল নকৰিবা, সেয়া হ'ল -- সুযোগ কাহানিও দুবাৰ নাহে । (কেমফৰ্ট)
30. জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিস্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে অন্তৰ শুদ্ধ হয়। (মহাত্মা গান্ধী)
31. জীৱনৰ বহু সমস্যাৰ সমাধান হয় নিদ্ৰা আৰু প্ৰত্যাশাৰ মাজেৰে। এই দুয়োটাই দৈৱৰ বিৰল অৱদান। (ভল্টেয়াৰ)

Assamese motivational quotes - Assamese Quotes

32. জ্ঞান গছত পোৱা ফল নহয়। মনীষীসকলে ত্যাগৰ দ্বাৰাহে ইয়াক নিজৰ লগুৱা কৰিছিল। (বেকন)
33. জীৱনৰ তিতা-মিঠা অভিজ্ঞতা আহে বাহিৰৰ পৰা। কিন্তু যি কঠিন সি আহে ভিতৰৰ পৰা, মানুহৰ নিজৰ চেষ্টাৰ পৰা। (আইনষ্টাইন)
34. জন্মৰ পৰিচয়েই মানুহৰ প্ৰকৃত পৰিচয় নহয়; কৰ্মৰ দ্বাৰাহে মানুহৰ পৰিচয় চিনিব পাৰি। উচ্চ জাতি বুলি কেতিয়াও অহংকাৰ নকৰিবা। (মহাবীৰ)
35. জীৱনী পাঠৰ সময়ত মনত ৰাখিবা, সঁচা কথাটো প্ৰকাশযোগ্য বুলি বিবেচিত হোৱা নাই। (জৰ্জ বাৰ্নাড শ্ব)
36. জ্ঞান ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে সকলো কুসংস্কাৰৰ হৈ এটি নিষ্পাপ শিশুৰ দৰে পৱিত্ৰ মন লৈ আহিলেহে প্ৰকৃত জ্ঞান লাভ কৰা সম্ভৱ হয়। (বেকন)
37. জ্ঞানীলোকৰ কেতিয়াবা কিবা ক্ষতি হ'লেও অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে । বৰং আগতকৈ বিপুল উৎসাহেৰে সেই ক্ষতি পূৰণৰ অৰ্থেহে চেষ্টা কৰে। (শ্বেক্সপীয়েৰ)
38. জীৱনৰ মাজেদি লৰা-ঢপৰা কৰি গৈ থাকি আমি যিখিনি সময় বচাওঁ, সেইখিনি সময় কটাবলৈ কাম বিচাৰি আমি জীৱনৰ আধা সময় পাৰ কৰি দিওঁ। (উইল ৰ'জাৰ্ছ)
39. জীৱনত ভাল-বেয়া দুয়োটাই আছে, বেয়াটো ত্যাগ কৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়। (ভল্টেয়াৰ)
40. জ্ঞানীজনে প্ৰথমে উচিত-অনুচিত বিচাৰ কৰে। নীচজনে প্ৰথমেই বিচাৰ কৰে লাভ-লোকচানৰ। (কনফুছিয়াছ)
41. জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই ডাঙৰ বা বেছি হ'ব নোৱাৰে। (ছক্ৰেটিছ)
42. জীৱনত সকলোৱে জ্ঞানী আৰু পণ্ডিত হ'বলৈ বিচাৰে। কিন্তু, তাৰ মূল্য দিবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা তেনেই তাকৰ। (জুভেনাল)
43. জীৱনটো এটা ভায়োলিনৰ দৰে। আমি প্ৰতিদিনে এই ভায়োলিনত সুৰ তুলিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সফল হওঁ, কেতিয়াবা ই হৈ পৰে বেসুৰা। (ছেমুৱেল ৱাটলাৰ)
44. জ্ঞান শ্ৰেষ্ঠ নে কল্পনা ? মোৰ বোধেৰে কল্পনাৰ গুৰুত্ব মানুহৰ জীৱনত আটাইতকৈ বেছি। (এলবাৰ্ট আইনষ্টাইন)
45. জীৱনত তুমি কি কি পালা সেয়া প্ৰশ্ন নহয়; তুমি কি কি কৰ্ম কৰিলা সেয়াহে আচল কথা। (টমাছ কাৰ্লাইল)

1 Comments

Previous Post Next Post

Contact Form