100 Assamese Great Man Quotes | Assamese Quotes | Mahat Lokar Bani

100 Assamese Great Man Quote Assamese | Mahat Lokar Bani

জীৱনৰ ৰং - এক অনুভৱৰ লিখনি 


মহৎ লোকৰ অমৃত বাণী,  Great Man Quote

আগকথা:-

শিক্ষাৰ বিকাশ প্ৰতিদিনে প্ৰগতিৰ পথত। দেশত সৰ্বশিক্ষা আঁচনিও পূৰ্ণোদ্যমে ৰূপায়ণ হ'ল। তেনে অৱস্থাতো কিন্তু শিক্ষা পোৱা বা লোৱা উঠি অহা চামৰ বহুবোৰক আনকি কিছুমান প্ৰাপ্তবয়স্ককো মানৱ জীৱন কি বা কেনেকুৱা হ'ব লাগে, জীৱনৰ উদ্দেশ্য বা লক্ষ্য কি, জীৱন নিৰ্বাহ কেনেকুৱা হ'ব লাগে, এই ধৰণৰ সংস্কাৰ নোপোৱা বা কম থকা দেখা যায়।

এসময়ত স্কুলীয়া শিক্ষাত, জীৱন নিৰ্ৱাহ বা জীৱন-যাপনত পালিব বা মানিব লগীয়া ৰীতি-নীতিৰ হস্তলিপিৰ চৰ্চা আছিল আৰু ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ উপৰি ৰীতি-নীতিৰ মৌলিক কথাসমূহ মাক-দেউতাক, অভিভাৱক বা ডাঙৰেও উনুকিয়াব পাৰিছিল আৰু সমাজত বিশেষকৈ ইজনৰ সিজনৰ লগত, সৰুৰ ডাঙৰৰ লগত, কণিষ্ঠৰ জ্যেষ্ঠজনৰ লগত ব্যৱহাৰিক দিশত বহু উপকাৰ হৈছিল।

মানুহৰ বিভাগীয় শিক্ষা যিয়েই নহওক কিয়, কৰ্ম যি ক্ষেত্ৰৰেই নহওক কিয়, লোক সমাজত জীৱন নিৰ্বাহ কৰোঁতে এটি সুস্থিৰ পৰ্যায়ৰ ব্যক্তিত্ব আহৰণ কৰিবলৈ মনীষীসকলে--- শিক্ষা, বিজ্ঞান, সাহিত্য, দৰ্শন, ধৰ্ম আদিৰ বিভিন্ন বিষয়ৰ গ্ৰন্থসমূহত দিয়া তেখেতসকলৰ মতামতসমূহ অনুকৰণ কৰিবলগিয়া। পঢ়ুৱৈসকলে এনেকুৱা মতামত বা সিদ্ধান্ত বিভিন্ন লেখাত উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰে। তেনেকুৱা লেখাৰ ভিতৰত এবিধ বাতৰি কাকতো।

এই পোষ্ঠটোত সন্নিবিষ্ট কৰা উদ্ধৃতিসমূহ মূলতঃ "আমাৰ অসম" নামৰ স্থানীয় দৈনিক কাকতখনৰ পৰা --শ্ৰীযাদৱ চন্দ্ৰ তালুকদাৰৰ দ্বাৰা সংগ্ৰহ কৰা হৈছে। উদ্ধৃতিসমূহ সংগ্ৰহ কৰা শ্ৰীযাদৱ চন্দ্ৰ তালুকদাৰ আৰু প্ৰচাৰ কৰা আটাইবোৰ কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ।

এই উদ্ধৃতিসমূহ Internet ত Upload বা পঢ়ুৱৈসকললৈ আগবঢ়োৱা বাবে দোষ নধৰিবলৈ আমি সৰল অনুৰুধ জনাইছোঁ।

এই অমূল্য মতামতৰ চৰ্চা আৰু আহৰণক জীৱনৰ বাবে নীতি-শিক্ষা বুলিলেও বোধহয় ভুল নহ'ব। সৰল মন, দৃঢ় পদক্ষেপ, সুস্থিৰ দিশ আদি অৱলম্বন কৰিবলৈ নীতি শিক্ষাৰ জ্ঞানেই জীৱনৰ মুখ্য আহিলা।

অভিভাৱকসকলে কিশোৰ-কিশোৰীসকলক স্থিৰ মনৰ সফল জীৱন পাবলৈ দৈনন্দিন পাঠৰ উপৰি আজৰি সময়ত এইবোৰ জ্ঞান আহৰণ কৰিবলৈ উদগণি দিব লাগে।



Note:- যদি ইয়াতে কিবা ভূল হয় ক্ষমা কৰিব। আৰু লগতে কি ভূল হৈছে কমেন্টত জনাব।

Best Caption For Facebook, Whatsapp, Instagram
 

Great Man Quote In Assamese | Mahat Lokar Bani Assamese

1. অধ্যয়নে এজন লোকক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলে। (ফ্ৰান্সিছ বেকন)
2. অজ্ঞ মূৰ্খতকৈ জ্ঞানী মূৰ্খ বেছি ডাঙৰ মূৰ্খ। (মলিয়েৰ)
3. অন্ধকাৰক অভিশাপ দিয়াতকৈ এডাল মমবাতি জ্বলাই দিয়াটোহে অতি আৱশ্যক। (কনফুচিয়াচ)
4. অমূল্য মানৱ জীৱন ৰং ধেমালিৰ নিমিত্তে সৃষ্টি হোৱা নাই, মহৎ, উন্নত আৰু বৃহৎ উদ্দেশ্য সাধনৰ অৰ্থেহে সৃষ্টি হৈছে। (হজৰত মহম্মদ)
5. অসম্ভৱ কথা, অসম্ভৱ কাণ্ড--- যাক মানুহে অসম্ভৱ বোলে তাক ভৰিৰে মোহাৰি পেলাওঁ। (লৰ্ড কাথাম)
6. অতি ক্ষুদ্ৰ চুলিডালৰো ছাঁ আছে। (গ্যোথ)
7. অপমানতকৈ শাৰীৰিক আঘাত বেছি সোনকালে পাহৰিব পাৰি। (লৰ্ড চেষ্টাৰফিল্ড)
8. অন্তৰ্দৃষ্টিৰে এক মুহূৰ্ততে তুমি সকলোখিনি চাব পাৰা, কিন্তু তাক প্ৰকাশ কৰিবলৈ তোমাক প্ৰয়োজন হ'ব বছৰৰ পিছত বছৰ। (যোচেফ জবাৰ্ট)
9. অতীত আৰু বৰ্তমানক লৈ যদি আমি কাজিয়া কৰোঁ, তেন্তে বুজিব লাগিব যে আমি আমাৰ ভৱিষ্যৎ হেৰুৱাইছোঁ। (উইলষ্টন চাৰ্চিল)
10. অধিক বাক্যত অপৰাধৰ অভাৱ নাই। কিন্তু যিজনে নিজৰ জিভাক দমন কৰে, তেওঁ বুদ্ধিমান। (ছলোমান)
11. অন্তৰ্দৃষ্টিৰে এক মুহূৰ্ততে তুমি সকলোখিনি চাব পাৰা, কিন্তু তাক প্ৰকাশ কৰিবলৈ তোমাক প্ৰয়োজন হয় বছৰৰ পিছত বছৰ। (যোচেফ জবাৰ্ট)
12. অন্ধকাৰ যিমানেই গভীৰ নহওক, বিপদ-আপদ, বাধা-বিঘিনি যিমানেই প্ৰবল নহওক, কৰ্মক্ষেত্ৰত কেতিয়াও তুমি ভীত নহ'বা। সকলো সন্দেহ পৰিহাৰ কৰিবা; কোনো কামেই অসাধ্য নহয়। (অৰবিন্দ)
13. অত্যধিক শ্ৰম কৰি কোনো লোকৰ মৃত্যু হোৱাৰ কথা মই কেতিয়াও শুনা নাই। কিন্তু সন্দেহৰ বশবৰ্তী হৈ কিমান লোকৰ যে মৃত্যু হৈছে। (চাৰ্লছ হোবাছ মেয়)
14. অতীত সমালোচনাৰ উৰ্ধ্বত নহয়। কিন্তু তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো অৰ্থহীন। অতীতক অধ্যয়নহে কৰিব লাগে। (মেক্সিম গৰ্কী)
15. অসংযত মনে আমাক সদায় অধঃপতনৰ ফালে ঠেলি নিয়ে, কিন্তু সংযম আৰু সুৰক্ষিত মনে আমাক ৰক্ষা কৰে আৰু মুক্তি দিয়ে। (বিবেকানন্দ)
16. অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহু প্ৰতিভাৰ অকালতে অপচয় ঘটে। (ছিডনী স্মিথ)
17. অন্তৰ পৱিত্ৰ নহ'লে, ইন্দ্ৰিয় সংযম কৰিব নোৱাৰিলে, বিদ্বান ব্যক্তি হ'ব নোৱাৰে। (মহাত্মা গান্ধী)
18. অনবৰতে সৰু সৰু কথা আৰু তুচ্ছতম কৰ্মত নিজকে ব্যস্ত কৰা লোকে সাধাৰণতে মহৎ কৰ্ম সমাপন কৰাৰ সামৰ্থ হেৰুৱাই পেলায়। এনে মানুহক অতি সৰু সৰু কথাই গুৰুতৰ আঘাত দিয়ে। ( লা ৰছেফ'কাণ্ড)
19. অহংকাৰীৰ যোগাৰ অতীত।
20. আনন্দদায়ক চিন্তা আৰু মধুৰ পৰিস্থিতি ৰোমন্থন গভীৰতম অৰ্থত ইয়েই হ'ল জীৱন। (গ্যেৰ্টে)

Great Man Quote About Life | Assamese Mohan Bani

21. আমি সকলোবোৰ তেজত সম্বন্ধেৰে একেলগে বান্ধ খাই আছোঁ… কোনেও আমাক পৃথক কৰিব নোৱাৰে… আমাৰ মাজত কোনেও দুৰ্ভেদ্য প্ৰাচীৰ থিয় কৰিব নোৱাৰে। (চৰ্দাৰ বল্লভ ভাই পেটেল)
22. অশান্তিত বিভোৰ হৈ পৰিলে শান্তি লাভ নহয়। বিপদত ধৈৰ্য হেৰুৱালে নিৰাপদ নহয়। (অম্বিকাগিৰি ৰায়চৌধুৰী)
23. আইন এইবাবেই তৈয়াৰ কৰা হয় যাতে নিৰ্দোষীয়ে নিৰাপত্তা পায় আৰু দোষীয়ে শাস্তি পায়। (ডেভিড ৱেবষ্টাৰ)
24. আত্মনিন্দা কৰিব জানিলে পৰনিন্দা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়। (স্বামী বিবেকানন্দ)
25. আমাৰ অন্তৰত যদি শান্তি নাথাকে, তেন্তে বাহিৰৰপৰা সেই শান্তি আনিবলৈ চেষ্টা কৰাটো অৰ্থহীন। (ৰোচেফাউ কুড্)
26. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছা ভবাহে বেছি দৰকাৰী। (ৰাজা ৰামমোহন ৰায়)
27. আৱশ্যকতকৈ অধিক ৰখাটো পাপ। (মহাত্মা গান্ধী)
28. আমি যেনেকৈ স্বপ্ন দেখো অকলে, ঠিক তেনেকৈ জীয়াই থাকোঁ অকলে। (যোছেফ কনৰাড)
29. আমাৰ সমগ্ৰ সত্তাৰ আশা-আকাংক্ষা, ক্ষুধা আৰু অনুভূতি আমাৰ অজ্ঞাতসাৰেই প্ৰকট হৈ পৰে আমাৰ মুখমণ্ডলত। (এলেক্সিছ কেৰেল)
30. আমাৰ আত্মাৰ বিকাশ এই দেহটোৱেই। কাৰোঁ প্ৰতি ঘৃণা বা অৱজ্ঞা নকৰি এজনৰ দেৱত্বৰ প্ৰতি সন্মান দেখুওৱাটোই মানুহৰ ঈশ্বৰ পূজা। (ৱাল্ট হুইটমেন)
31. আচৰণ হ'ল এখন দাপোণ, তাত মানুহৰ ৰূপটো প্ৰতিবিম্বিত হৈ উঠে। (গ্যেটে)
32. আমাৰ যদি জীৱনত কোনো উচ্চ আশা কৰিবলৈ লক্ষ্য নাই, আমাৰ যদি ইচ্ছা আৰু আকাংক্ষা নাই, তেন্তে জীৱনৰ উদ্যম অাৰু অনুৰাগ নোহোৱা হয়। ( লউ এভাৰবেৰী)
33. আপুনি ৰাজনীতিক বৃত্তি হিচাপেও ল'ব আৰু সৎ হৈও থাকিবলৈ বিচাৰিব, সেয়া কেতিয়াও সম্ভৱ নহয়। (লুই মেক হেনৰী হ')
34. আনৰ গুণ সৰলভাৱে আদৰ কৰাতকৈ আনগুণে মানুহৰ বেছি বন্ধু চপাব নোৱাৰে। (ড° জনছন)
35. আমাৰ শৰীৰক যিমানখিনি বস্ত্ৰৰ প্ৰয়োজন, সিমানেই আৱৰণৰ প্ৰয়োজন আমাৰ মনকো। ( বাষ্টলৰ)
36. আনৰ সৈতে তুলনা নকৰাকৈ জীয়াই থাকিবলৈ শিকা---- শান্তিত জীয়াই থাকিবা। (মাকুইজ দ্য কনড'ৰ চেট)
37. আকৰ্ষণীয় অায়তকৈ স্থায়ী আয় বেছি গুৰুত্বপূৰ্ণ। (অস্কাৰ ৱাইল্ড)
38. আইন প্ৰণয়ন কৰাতকৈ তাক কাৰ্যকৰী কৰাটোহে বেছি প্ৰয়োজনীয়। (জেফাৰছনই)
39. আমি চৰাইৰ দৰে আকাশত উৰিবলৈ শিকিছোঁ, মাছৰ দৰে পানীত সাঁতুৰিবলৈ শিকিছোঁ, কিন্তু পৃথিৱীত মানুহৰ দৰে জীয়াই থাকিবলৈ শিকা নাই। (মাৰ্টিন লুথাৰ কিং)
40. আনৰ ওচৰত জ্ঞানী হোৱা অতি সহজ। কিন্তু নিজৰ ক্ষেত্ৰত জ্ঞানী হোৱাটোহে আচল কথা। (লা ৰছফকাল্ড)
41. আন এজনক আপুনি দিব পৰা আটাইতকৈ মহান উপহাৰটো হ'ল আপুনি তেওঁক দিয়া মনযোগ। (ৰিচাৰ্ড মছ)
42. আপুনি আপোনাৰ শত্ৰুক ক্ষমা কৰি দিয়ক, কিন্তু তেওঁলোকৰ নাম সদায় মনত ৰাখক। (জন এফ কেনেডী)

Assamese Inspirational Quote  | Assamese Quote On Education

43. আচৰণে মানুহক বংশ পৰিচয় দিয়ে, দেহে মানুহক নিয়মানুৱৰ্তিতাৰ পৰিচয় দিয়ে, মাত-কথাই মানুহৰ শিক্ষা-দীক্ষাৰ পৰিচয় দিয়ে আৰু দুই নয়নে হৃদয়ৰ অন্তৰতম প্ৰদেশত লুকাই থকা প্ৰেম আৰু ক্ৰোধৰ পৰিচয় দিয়ে। (শিৱ পুৰাণ)
44. আনৰ জীৱনৰ সৈতে তুলনা নকৰাকৈ জীৱনৰ আনন্দ উপভোগ কৰিবলৈ শিকা, তেতিয়াহে জীয়াই থকাৰ অৰ্থ বিচাৰি পাবা। (মাৰ কুইজ দ্য কনড'ৰ চেট)
45. আমি যি জানো সি অতি সামন্য। আমি যি নাজানো সি সীমাহীন। গতিকে নিজকে জ্ঞানী বুলি ভবা অনুচিত। (পাপলেছ)
46. আপুনি যেতিয়াই চিন্তা শূন্য, হৃদয়হীন বুলি নিজক ভাবিব পাৰে, জানিব আপুনি চয়তানৰ শাৰীত উঠিছে। (থমাছ হুড)
47. আমি যিমানেই আশা-আকাংক্ষা আৰু যশ-গৌৰৱৰ কাৰণে চিন্তা নকৰোঁ, এদিন আমি সকলো পানীৰ বুৰবুৰণিৰ দৰে ক'ৰবাত বিলীন হৈ যাম। (ওমৰ খয়াম)
48. আমি ভৱিষ্যতে ভুল নহ'বলৈ অতীতৰ ভুলৰ পৰা শিক্ষা লোৱা উচিত আৰু ৰোগীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ হ'লে ৰোগ নিৰ্মূল কৰা উচিত। (জনছন)
49. আমাৰ ভৱিষ্যতৰ বিশ্বখনত সমাজখন হ'ব--- হ'বই লাগিব অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত। (মহাত্মা গান্ধী)
50. আটাইতকৈ ধুনীয়া আৰু আকৰ্ষণীয় বস্তুটো সদায় ভাল নহ'বও পাৰে । কিন্তু যিটো ভাল সি সদায় ধুনীয়া । (নিনন দ্য লেংগ্লছ)
51. আহত হৰিণাই আটাইতকৈ অধিক জঁপিয়াব পাৰে। (এমিলি ডিকেনছন)
52. ইতিহাস বুলি কোনো বস্তু নাই, আছে কেৱল জীৱনী।--- (এমাৰছন)
53. ইচ্ছা শক্তি য'ত প্ৰবল, তাত জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। (আইনষ্টাইন)
54. ইতিহাসৰ পুনৰাবৃত্তি হয় প্ৰথমবাৰ ট্ৰেজেদি হিচাপে, দ্বিতীয়বাৰ প্ৰহসন হিচাপে। (কালমাৰ্ক্স)
55. উপবাস কৰি মানুহে নিজৰ দেহত সংযত ৰাখে যদিও ভোক স্পৃহা থাকিয়েই যায়। (গীতা)
56. এজন মানুহৰ বন্ধুবোৰ কেনেকুৱা মানুহ কেৱল সেই কথাৰে তেওঁক বিচাৰ কৰা উচিত নহয় । তেওঁৰ শত্ৰুবোৰ কেনেকুৱা মানুহ সেই কথাও বিচাৰ কৰি চাব লাগিব। (জোচেফ কনৰাড)
57. এশজন শিক্ষকে কৰিব নোৱাৰা কাম এটা এগৰাকী আদৰ্শ মাতৃয়েই অকলেই কৰিব পাৰে। (জৰ্জ হাৰ্বাট)

 Mahat Lokar Bani Assamese | Alone Quotes In Assamese

58. একমান চৰম হতাশাই জন্ম দিয়ে বীৰত্বপূৰ্ণ আশাৰ, উদ্ভূত আশাৰ, উন্মত আশাৰ। (উনামুনো)
59. এডোখৰ শিল তাৰ গতিবেগৰ কাৰণে যেনেকৈ কাৰোঁ ওচৰত দায়ী হ'ব নোৱাৰে, ঠিক তেনেকৈ মানুহো নিজৰ কামৰ কাৰণে ঈশ্বৰৰ চকুত দায়ী হ'ব নোৱাৰে। (এলবাৰ্ট আইনষ্টাইন)
60. একমাত্ৰ সৎ লোকেহে মহৎ মানুহক চিনিব পাৰে । এজন লগুৱাই তেওঁৰ সমপৰ্যায়ৰ মানুহৰহে মোল বুজিব পাৰে। (গ্যেটে)
61. এজন সিদ্ধ মুনি সত যুগৰ শিক্ষক। (চীনা প্ৰবাদ)
62. এজন মানুহে কোৱা কথাৰ ওপৰত বিচাৰ নকৰিবা। তেওঁ কিয় সেই কথাষাৰ ক'লে সেইটোহে বিচাৰি চাবা। (পন)
63. এজোপা ডিমৰু গছে আন এজোপা ডিমৰু গছক দেখিহে গুটি ধৰিবলৈ শিকিলে। (আৰবী প্ৰবাদ)
64. এটা কথা ভালদৰে জানিবা ---- জীৱন যন্ত্ৰণাময় । যিয়ে অন্য ধৰণে জীৱনৰ ব্যাখ্যা কৰিবলৈ বিচাৰে, বুজিবা তেওঁৰ অন্য কিবা উদ্দেশ্য আছে।
65. এই জীৱনত আপোনাক প্ৰয়োজন কিছু অজ্ঞতা আৰু আত্মবিশ্বাসৰ। তেনে লোকেই জীৱনত সফল হয়। (মাৰ্ক টোৱেইন)
66. এজনৰ মৃত্যু মানে ট্ৰেজেডি, লাখ লাখ লোকৰ মুত্যু হ'ল এক বিৰাট পৰিসংখ্যা। (যোছেফ ষ্টেলিন)
67. এজন ছাত্ৰই নিজৰ শ্ৰেণীকোঠাৰ কেপ্তেইন হৈ যিখিনি গৰ্ব আৰু আনন্দ অনুভৱ কৰে, অালেকজেণ্ডাৰে এটা বিশাল সেনাবাহিনীৰ সেনাপতি হৈও সিমানখিনি গৰ্ব আৰু আনন্দ অনুভৱ কৰা নাছিল । (হৰেছ ৱালাপাল)
68. এজন ভাল ঐতিহাসিকে এখন সময়হীন জগতত বাস কৰে । তেওঁ দেশ প্ৰেমিক হ'ব পাৰে, কিন্তু নিজৰ দেশত তেওঁ কোনো পৰিস্থিতিতে তোষামোদ নকৰে। (ফ্ৰাঁচোৱা দা ফেনিলো)
69. এই পৃথিৱীখন হ'ল অন্তহীন অনুসন্ধানৰ এখন পঢ়াশালি। (মন্টেইন)
70. এটা শক্তিশালী বিৰোধী দল অবিহনে কোনো চৰকাৰেই নিৰাপদ হ'ব নোৱাৰে। (বেঞ্জামিন ডিজৰেলি)
71. এনে কিছুমান মানুহ আছে, যিবোৰ মানুহে যিখন হাতৰ পৰা খায়, সেই হাত খনকেই কামুৰি দিয়ে। সেই একেবোৰ মানুহেই যিপাত বুটজোতাৰ গোৰ খায়, সেইপাত বুটজোতাকেই চেলেকে। (এৰিক ইফাৰ)
72. ওপৰলৈ উঠি যোৱাৰ বাটত লগ পোৱা লোকৰ প্ৰতি সদায় মাৰ্জিত হ'বা, কাৰণ তললৈ নামি আহোঁতেও তেওঁলোককে পাবা। (জিমি ডুৰাণ্ট)

Assamese Quotes | Assamese Motivational Quotes

73. কামেই উপাসনা, কিন্তু হাঁহিয়েই জীৱন, যিজনে জীৱনত সুখ-দুখ দুয়োকে হাঁহিমুখে গ্ৰহন কৰিব জানে, তেওঁহে পৃথিৱীত সৌন্দৰ্য ভোগ কৰিব পাৰে। (চৰ্দাৰ বল্লভভাই পেটেল)
74. কিতাপৰ সংগ্ৰহেই হ'ল বৰ্তমান যুগৰ প্ৰকৃত বিশ্ববিদ্যালয়। (টমাছ কাৰ্লাইল)
75. কিছু সময় ধৈৰ্য ধৰা, নিন্দা কেতিয়াও দীৰ্ঘস্থায়ী নহয়, সত্য হ'ল সময়ৰ সন্তান। তোমাৰ সততা প্ৰমাণ কৰিবলৈ অচিৰে তাৰ অাৱিৰ্ভাব ঘটিব। (ইমানুৱেল কান্ট)
76. কিতাপেই আধুনিক পৃথিৱীক শাসন কৰিছে। যি সমাজত কিতাপৰ প্ৰচলন নাই সেই সমাজ থকা-নথকা একে। (ভল্টেয়াৰ)
77. কামে সকলো সময়তে সুখ দিব নোৱাৰিব পাৰে কিন্তু কামৰ অবিহনে সুখৰ স্থিতিয়েই নাই। (বেঞ্জামিন ডিজৰেলী)
78. কেৱল জীয়াই থকাৰ বাবে জীৱন ধাৰণ কৰাটো পাপ, জীৱনক জীয়াই থকাৰ উপযোগী কৰি গঢ়ি তোলাটোহে সৎ কাম। (জুডেনাল)
79. কেন্দ্ৰত বিছজন মানুহ বহিয়েই প্ৰকৃত গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰিব নোৱাৰে। প্ৰতিখন গাঁওত কাম কৰিলেহে গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব পাৰে। (মহাত্মা গান্ধী)
80. কুঁৱলী দেখিবলৈ যিমানেই সুন্দৰ নহওক কিয়, সূৰ্যৰ পৰিস্কাৰ পোহৰহে ভাল। (বাৰ্টাণ্ড ৰাচেল)
81. কোনো কাম সুচাৰুৰূপে কৰাটোৱেই হৈছে সেই কামৰ পুৰস্কাৰ। (ছেক্সপীয়েৰ)
82. কোনোবাই তোমাক অসৎ ব্যৱহাৰেৰে অপমানিত কৰিলে যদি তুমি সেইজনক সৎ ব্যৱহাৰ কৰা, তেন্তে এদিন নহয় এদিন তুমিও সেইজনৰ পৰা সৎ ব্যৱহাৰ পাবা। (মহাত্মা গান্ধী)
83. খঙে নিষ্প্ৰাণ মানুহকো প্ৰাণৱন্ত কৰে, কিন্তু লগতে দুখীয়াও কৰে। (ফ্ৰান্সিচ বেকন)
84. কথাচহকী মানুহৰ কথাবোৰ ধুনীয়া ফুলৰ দৰে কিন্তু গোন্ধহীন। (বুদ্ধদেৱ)
85. কু-কুৰ্মৰ দ্বাৰা পৰাজিত নহৈ, সৎ-কৰ্মৰ দ্বাৰাই কু-কৰ্মক পৰাজিত কৰা। (ছেণ্ট প'ল)
86. কুকুৰনেছীয়া বাঘৰ লগত থাকা, তুমিও গুজৰিবলৈ শিকিবা। (স্পেইনৰ প্ৰবাদ)
87. কাম কৰা মানুহৰ ঘৰত ভোকে ভুমুকি মাৰে মাথোঁ, কিন্তু সোমাবলৈ সাহ নকৰে। (ৰিচাৰ্ড হেনৰী)
88. কোনোদিন প্ৰেম নহাতকৈ প্ৰেমত পৰি প্ৰতাৰিত হোৱাটো অধিক শ্ৰেয়। (টেনিছন)
89. কাৰোবাৰ নিন্দা শুনি যদি তুমি অসন্তুষ্টি প্ৰকাশ কৰা, তেন্তে বুজিব লাগিব যে তুমি সেই নিন্দাৰ যোগ্য। (ষ্টেচিটাছ)

Assamese Heart Touching Quotes | Assamese Amrit Bani

90. কোনো পাপ কৰ্ম মানুহে কেৱল অকলে কৰিব নোৱাৰে, তাত কাৰোবাৰ নহয় কাৰোবাৰ সহযোগিতা লাগিবই। (ষ্টিফেন ক্ৰেইন)
91. কোনো কামতে ভৱিষ্যৎ নাই। ভৱিষ্যৎ নিৰ্ভৰ কৰে কামত লাগি থকা মানুহজনৰ ওপৰতহে। (ড° জে ডব্লিউ ক্ৰেন)
92. কোনো মানুহে সমালোচনাৰ প্ৰতিবাদ কৰিব নোৱাৰে বা সমালোচনাৰ বিৰুদ্ধে আত্মৰক্ষাও কৰিব নোৱৰে। সমালোচনা হৈ থকা সত্ত্বেও মানুহে নিজৰ কাম কৰি গৈ থাকিলে সমলোচনাই এদিন নিজে নিজে সেও মানিব। (গ্যেটে)
93. কথা কম কবা কাম বেছিকৈ কৰিবা। আনক উপদেশ কমকৈ দিবা মহৎ লোকৰ উপদেশ শুনিবা। তোমাৰ মংগল হ'ব। (ছক্ৰেটিছ)
94. কোনোবা মানুহ যেতিয়া আমাৰ আলহী হৈ আছে, তেওঁক আমি ভালকৈ জানিব নোৱাৰোঁ, তেওঁৰ আচল স্বৰূপটো জানিবলৈ হ'লে আমি তেওঁৰ ওচৰলৈ যাব লাগিব। (গ্যেটে)
95. কি কৰা উচিত আৰু কেনেকৈ কৰা উচিত, সেইটো নজনালোকৰ জীৱনকালৰ হিচাপ কৰি জানো কিবা লাভ আছে? (গ্যেটে)
96. কাইলৈও তেওঁ জীয়াই থাকিব -- এই কথা ডাঠি ক'ব পৰা মানুহ পৃথিৱীত নাই। (ইউৰি পিডছ)
97. কোনো মহৎ লোকে কেতিয়াও জীৱনত সুযোগৰ অভাৱ ঘটিছে বুলি অভিযোগ কৰা নাই । (ইমাৰছন)
98. কোনোদিনে প্ৰলোভনৰ সম্মুখীন নহোৱা লোকে তেওঁনো কিমান অসৎ, সেয়া কোনোদিনেই ধৰিব নোৱাৰে। (জৰ্জ বিলিঙছ)
99. কোনো বিষয়েই মানুহৰ বাবে বাধাৰ সৃষ্টি কৰিব নোৱাৰে। বাধাৰ সৃষ্টি কৰে বিষয়ৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীয়েহে। (ইপিকটাছ)
100. কৰ্তব্য জ্ঞানে কৰ্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায় আৰু মনৰ একাগ্ৰতা বঢ়ায়। (সত্যনাথ বৰা)

Previous Post Next Post

Contact Form