47 Assamese Inspirational Quotes | Assamese Quotes

47 Assamese Inspirational Quotes | Assamese Quotes 

47 মহৎ লোকৰ বাণী,



1. পুৰণিক নৱজীৱন দি নতুনৰ জ্ঞান আহৰণ কৰাৰ সামৰ্থ্য যাৰ আছে তেৱেঁই শিক্ষক হ'বৰ উপযুক্ত ব্যক্তি। (কনফুচিয়াছ)
2. প্ৰত্যেকটো কবিতাই এটা অৰ্থত পৃথিৱীৰ মুখত এটা চুম্বন। কিন্তু কেৱল চুম্বনে সন্তান উৎপাদন নকৰে। (গ্যেট)
3. প্ৰথমেই নিজক কোৱা- তুমি কি হ'ব খুজিছা আৰু তাৰ পিছতে তুমি যি কৰিব লাগে তাকে কৰা। (এপিক্টাছ)
4. পাহৰি যোৱা স্মৃতিৰ মাজতেই জীৱনৰ ঐশ্বৰ্য আৰু প্ৰকৃত সৌন্দৰ্য লুকাই থাকে। (চিজাৰ পাভেজ)
5. প্ৰতিভাশালী লোকে যদি সামান্য ছেগবোৰৰ সুবিধা লৈ কাম কৰিব নোৱাৰে, তেন্তে তেওঁৰ প্ৰতিভাই একো গুণ নিদিয়ে। (টমাছ এডামছ)
6. পোকে কোট চোলা নষ্ট কৰাৰ দৰে ঈৰ্ষায়ো মানুহৰ জীৱন শেষ কৰে। (ছেণ্ট ক্ৰাইছষ্টম)
7. প্ৰত্যেকটো সুখী পৰিয়ালৰে স্বৰূপ একে ধৰণৰ। কিন্তু প্ৰতিটো অসুখী পৰিয়ালেই ভিন্ন, অসুখী হোৱাৰ কাৰণো ভিন্ন। (লিঅ' টলষ্টয়)
8. প্ৰত্যেক বস্তুৰ কাৰণে এডোখৰ ঠাই থাকিব লাগে আৰু প্ৰত্যেক বস্তুৱেই তাৰ নিজ ঠাইত থাকিব লাগে। (ইংৰাজ প্ৰবচন)
9. পানীৰ তলত ঘূৰি ফুৰা মাছে পানী খালে যিদৰে ধৰিব নোৱাৰে, সেইদৰে ৰজাৰ কাৰ্যবাহী বিষয়ায়ো ধন আত্মসাৎ কৰিলে ধৰিব নোৱাৰি। (কৌটিল্য)
10. প্ৰকৃতিক প্ৰাণভৰি চোৱা আৰু বুজাৰ আনন্দই হ'ল মানুহলৈ প্ৰকৃতিৰ মহত্ত্বম উপহাৰ। (এলবাৰ্ট আইনষ্টাইন)
11. যি মানুহে কেতিয়াও তেওঁৰ মত সলনি নকৰে তেওঁৰ মনটো হয় মৰাসুঁতিৰ বন্ধ পানীৰ নিচিনা। তেনেকুৱা মনত সাপ আৰু পোকৰ বাহিৰে আন একো প্ৰাণীৰ জন্ম হ'ব নোৱাৰে। (উইলিয়াম ব্ৰেক)
12. পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজে ঠগাব পৰা লোকজন হ'ল নিজেই। (বুলৱাৰ লিটন)
13. প্ৰকৃত ৰোমাণ্টিক অনুভূতিঃ তুমি নিজে জীৱনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা নকৰিবা; বৰং তোমাৰ পৰা জীৱনটো পলাব খুজিলে তাক বাধা দিবা। (টমাছ উলফ)
14. প্ৰাৰ্থনাত নিজৰ সংকল্পৰ প্ৰতিধ্বনি ঘটে-- মোৰ মতে সেয়াই প্ৰাৰ্থনাৰ মহত্ত্ব। (লৰ্ড ছেমুৱেল)
15. প্ৰকৃত মানুহক তিনিটা লক্ষণেৰে চিনিব পাৰি-- উদ্দেশ্যত উদাৰতা, কৰ্ম সম্পাদনত মানৱতা আৰু কৃতকাৰ্যতাত আত্মসংযম। (বিছমাৰ্ক)

 Mahat lokar bani assamese Mahatma Gandhi | Assamese mohan bani

16. পৰিৱৰ্তনৰ বাহিৰে একোৱেই স্থায়ী নহয়। (হেৰা ক্লিটাছ)
17. প্ৰত্যেকটো ভাল বস্তুৰে এটা বেয়া দিশো থাকে, আৰু লগে লগে এটা বেয়া ফল সৃষ্টি নকৰাকৈ পৃথিৱীত কোনো ভাল ঘটনা ঘটিব নোৱাৰে। (কাৰ্ল ওস্তাড ইয়ুং)
18. প্ৰতিভা নাথাকিলে কেৱল বুদ্ধিমান হ'বলৈ চেষ্টা কৰাটোৱেই হ'ল আটাইতকৈ বুদ্ধিমান মানুহৰ কাম। (এন্দুলি হল)
19. প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা স্থায়ী। (ৰবীন্দ্ৰ নাথ ঠাকুৰ)
20. পৰৰ উপকাৰ কৰাতকৈ ডাঙৰ ধৰ্ম একো নাই আৰু অপকাৰৰ কৰাতকৈ ডাঙৰ পাপ একো নাই। (স্কন্ধ পুৰাণ)
21. পাণ্ডিত্য নহয়, জীৱনৰ জটিলতম ক্ষণত বিচাৰ হয় চৰিত্ৰৰহে। (ৰবীন্দ্ৰ নাথ ঠাকুৰ)
22. প্ৰতিজনেই পৃথিৱীখনৰ পৰিৱৰ্তন বিচাৰ, কিন্তু নিজৰ পৰিৱৰ্তন কামনা নকৰে। (টলষ্টয়)
23. প্ৰাচুৰ্য সময়ত শিক্ষা হ'ল ভূষণ আৰু বিপদৰ সময়ত শিক্ষা হ'ল আশ্ৰয়। (এৰিষ্ট'টল)
24. প্ৰগতিৰ মূল্যই হ'ব সমস্যা। সমস্যাৰ বাহিৰে মোৰ ওচৰলৈ একোৱেই নানিবা। ভাল খবৰে মোক দুৰ্বলহে কৰে। (চাৰ্লছ মেটেবিং)
25. পাগলে নিজে নাজানে সি যে পাগল। তাৰমতে দেখা মানুহবিলাকহে পাগল। যিদিনা বুজি পাব সি নিজেহে পাগল, সিদিনাই তাৰ পাগলামি এৰা দিয়ে।
26. বুদ্ধিজীৱী হ'ল এনে এজন মানুহ - যাৰ মনটোৱে সদায় নিজৰ ওপৰত নজৰ ৰাখে। (আলবেয়াৰ কেম্যু)
27. বিপদৰ মুখৰ পৰা পলাই লৰ মাৰিব খুজিলে বিপদে কেতিয়াও লগ এৰা নিদিয়ে। (লৰ্ড এডাৰবেৰী)
28. বীৰত্ব মূল বস্তু হৈছে গভীৰ আত্মবিশ্বাস। (এমাৰ্ছন)
29. বাতৰি কাকতত আপুনি যি দেখে সেয়া বাতৰি, আপুনি যি জানে সেয়া হ'ল বাতৰিটোৰ পটভূমি, আপুনি যি অনুভৱ কৰে - সেয়া হ'ল আপোনাৰ অভিমত। (লেষ্টাৰ মাৰ্কেল)
30. বছৰবোৰে আমাক এনেকুৱা বহুতো কথা শিকায়, যিবোৰৰ বিষয়ে দিনবোৰে একোকেই নাজানিছিল। (এমাৰ্ছন)
31. বলেৰে শান্তি বৰ্তাই ৰাখিব নোৱাৰি। শান্তি আহে বুজাবুজিৰ মাজেৰে। (আইনষ্টাইন)
32. বৰ্তমানেই হ'ল সুখী হোৱাৰ উপযুক্ত সময়। সুখ অৰ্জন আৰু উপভোগৰো স্থান এয়াই। (ইন্ গাৰছ'ল)
33. বুদ্ধিমত্তা বা সামৰ্থৰ অভাৱত যিমান লোকে জীৱন যুঁজত পৰাজিত হৈছে তাতকৈ অধিক ব্যৰ্থ হৈছে ইচ্ছা শক্তিৰ অভাৱত। (ফ্লাৱাৰ এ নিউহাউছ)
34. বিদ্বান মানে ধোদ। পঢ়া-শুনা কৰি সময় নষ্ট কৰে। (বানাৰ্ড শ্ব')
35. বিচাৰিবা বহুখিনি, কিন্তু আগবঢ়াই দিয়াখিনি গ্ৰহণ কৰিবা। (ৰুছ প্ৰবচন)
36. বন্দুকৰ গুলীৰে আদৰ্শক হত্যা কৰিব নোৱাৰি। (জ্যোতিপ্ৰসাদ আগৰৱালা)
37. বিবাহৰ এটা প্ৰধান আকৰ্ষণ হ'ল -- ই স্বামী-স্ত্ৰী দুয়োৰে কাৰণে প্ৰতাৰণাক কৰি তোলে একান্ত প্ৰয়োজনীয়। (অস্কাৰ ৱাইল্ড)

Great man quotes in assamese | Great man quotes about life,

38. বাৰ্তালাপে মানুহৰ বোধশক্তি বৃদ্ধি কৰে। কিন্তু মৌনতা হ'ল প্ৰতিভাশালীৰ পাঠশালা। (গিবন)
39. বাক্যৰ আৰম্ভণি আৰু শেষৰ মাজত যাতে কোনো বিৰোধ নাথাকে, তাৰ প্ৰতি সদায় দৃষ্টি ৰাখিবা। (বাৰ্টাণ্ড ৰাছেল)
40. বহুত থকাটোৱেই সম্পদৰ অধিকাৰী হোৱা বুলি কোৱা নহয়; বৰং কম প্ৰয়োজন থকাজনহে সম্পদৰ অধিকাৰী। (এপিকুৰিয়াছ)
41. বিশ্বজগতে মানুহক বিনাশ কৰিলেও সমগ্ৰ বিশ্বতকৈ মানুহ মহত্তৰ, কাৰণে মানুহে জানে যে তেওঁ মৰিছে। কিন্তু বিশ্ব প্ৰকৃতিয়ে মৃত্যু বিষয়ে একো নাজানে। (লাস্কেল)
42. বেছিভাগ মানুহে বেছিভাগ কবিতাক আওকাণ কৰি চলে, তাৰ কাৰণটো হ'ল বেছিভাগ কবিতাত বেছিভাগ মানুহক আওকাণ কৰা হয়। (এড্ৰিয়ান মিৎ চেল)
43. বিশ্বাসৰ দৰে ধৈৰ্য্য আৰু অধ্যাৱসায়েৰে পৰ্বতো বগাব পাৰি। (উইলিয়াম পেন)
44. বয়স বৃদ্ধিৰ লগে লগে মানুহৰ মনৰ দিগন্ত বহল হৈ পৰে। তাৰ বিপৰীতে জীৱনৰ সম্ভৱানা হ্ৰাস পায় কণ কণকৈ। (ফ্ৰেংক কাফকা)
45. বন্দুক-বোমা-তৰোৱালৰ আঘাততকৈ অধিক লোকৰ মৃত্যু ঘটে অতিভোজন আৰু সুৰাপানৰ ফলত। (ছাৰ উইলিয়াম অছলাৰ)
46. বিপদ-বিঘিনিবোৰ সদায় আমাৰ ভালৰ কাৰণেহে ঘটে; আৰু ডাঙৰ অকৃতকাৰ্যতা আৰু বিনাশে মহৎ গৌৰৱৰ পথ নিৰ্মাণ কৰে। (ছ'নেকা)
47. বল-শক্তি, দাবী-ধমকিৰে আনৰ ওপৰত প্ৰভূত্ব খটুৱাব পাৰি -- সেই প্ৰভুত্ব জন্তুৰ প্ৰভুত্ব। নৈতিক শক্তিৰে আনৰ অন্তৰ জয় কৰিব পৰাজনহে প্ৰকত মানুহ। (বেণ্ডেল ফিলিপছ)
 

2 Comments

Previous Post Next Post

Contact Form