34 best knowledgeable assamese quotes | Assamese great man quotes

34 best knowledgeable assamese quotes | Assamese great man quotes



Assamese Bani | Mahat Lokar Bani Assamese


1. নিজৰ চকুত যদি সূৰ্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসূলভ শক্তি নাথাকে, তেন্তে দেৱতাসূলভ বস্তুৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব। (গ্যেটে)
2. নিজৰ বিবেক সদায় নিৰ্মল কৰি চলিবা, তেতিয়া হ'লে তুমি কাকো ভয় কৰি চলিবৰ দৰ্কাৰ নাই। (বেঞ্জামিন ফেংকলিন)
3. নিৰ্ভীক নহ'লে সত্য সাধন বা অহিংসা অসম্ভৱ। (মহাত্মা গান্ধী)
4. নিজৰ ভুলকে ভক্ষণ কৰি সকলো ৰাজনৈতিক দলৰে অৱশেষত এদিন মৃত্যু ঘটে। (ড° আৰ বুথনট)
5. নিজে আঁতিগুৰি নজনা ক্ষুদ্ৰ, চিন্তা-চৰ্চাৰ মাজেৰে মানুহ এদিন বৃদ্ধ হয়। তাৰ বাবেই হয়তো চিন্তাশূন্য মানুহতকৈ ভুল চিন্তাৰে চালিত লোকৰ সংখ্যা পৃথিৱীত সৰহ। (ভভেনাগ)
6. নেপোলিয়ন চৰিত্ৰৰ এটা লেখত ল'বলগীয়া বিশেষত্ব আছিল এই যে যিকোনো সিদ্ধান্তত উপনীত হওতে চিন্তাতকৈ অনুভূতিৰ যোগেদিহে তেওঁ তাত উপনীত হৈছিল। (এব'ৰ্ট)
7. নিজে প্ৰমাণ কৰিব নোৱাৰালৈকে কোনো কথাকে সত্য বুলি গ্ৰহণ নকৰিবা। (ৰেনে ডেকাৰ্টে)
8. নিজক নিয়ন্ত্ৰণ কৰিবলৈ মূৰটো ব্যৱহাৰ কৰিবা। কিন্তু আনক বুজিবলৈ ব্যৱহাৰ কৰিবা হৃদয়খন। (দ্য ব্ৰিটিছ ভাইজেষ্ট)
9. নিজৰ স্মৃতিশক্তি প্ৰখৰ বুলি নিশ্চিত নোহোৱালৈকে মানুহে মিছা কথা ক'বলৈ সাসহ কৰা উচিত নহয়। (মণ্টেইন)
10. নিৰ্ভৰযোগ্য বাতৰি অবিহনে সোনকালেই হওক বা পলমকৈ হওক ৰাইজে স্বাধীনতাৰ বুনিয়াদ হেৰুৱায়। (হেৰল্ড লাস্কি)
11. নহয় বা নহ'ব অথবা নাই--- এই শব্দকেইটা ভালদৰে ব্যৱহাৰ কৰিব নজনা মানুহৰ পক্ষে নিজৰ আয়ৰ ধনেৰে চলা সহয় নহয়। (হোৱাইটহেড)
12. নিজৰ বিষয়ে অযথা অহংকাৰ পোষণ নকৰাটো বুদ্ধিমানৰ কাম। (ৰাছেল)
13. নিঃসংগতাৰ যন্ত্ৰণা নাশক প্ৰতিষেধক হিচাপে কৰ্ম, মানুহৰ সংগৰ বিকল্প হিচাপে কিতাপ। (ডাগ হেমাৰশ্বিল্ড)
14. নিজৰ বিষয়ে ভবাটো স্বাৰ্থপৰতা নহয়; নিজৰ বিষয়ে নভবাজনে প্ৰকৃততে একোৱেই নাভাবে। (অস্কাৰ বাইল্ড)
15. নিঃসংগতাৰ সৈতে মানুহে কৰা কৰ্মই হ'ল ধৰ্ম। (উইলিয়াম ফিডাৰ)
16. নিজৰ নৈপুণ্য বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুন্ঠাবোধ নকৰিবা। (বেট ডেভিছ)
17. নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকা, তেতিয়াহে সংসাৰক প্ৰকৃততে ভাল পাব পাৰিবা। ( স্বামী বিবেকানন্দ)

Assamese Quotes On Education | Assamese amrit bani


great man quotes, মহৎ লোকৰ অমৃত বাণী, মহৎ লোকৰ বাণী, মহাত্মা গান্ধীৰ বাণী, great man quotes in assamese, great man quotes about life, great man quotes images, mahat lokar bani assamese, Mahat lokar bani APJ Abdul Kalam, Assamese mohan bani, Mahat lokar bani assamese Mahatma Gandhi, Mohot lukor bani, Assamese Quotes On Education, Assamese Quotes On Love, Assamese Inspirational Quotes, Alone Quotes in Assamese, 100 Assamese Quotes, Assamese Quotes, Assamese Heart touching quotes, Assamese bani, Assamese amrit bani, Assamese motivational quotes,

18. নিজৰ কৰ্তব্য দোষমুক্তভাৱে কৰিলেও অইনৰ কৰ্তব্যতকৈ ভাল। নিজৰ কৰ্তব্যত ধ্বংসপ্ৰাপ্ত হ'লেও অইনৰ কৰ্তব্য ভয়াবহ। ( কৰ্মযোহ, গীতা)
19. পৰিশ্ৰমী আৰু মিতব্যয়ী হোৱা ধনী হ'বা। সংযত আৰু মতাচাৰী হোৱা স্থাস্থ্যবান হ'বা। সকলো কথাতে নিষ্ঠবান হোৱা সুখী হ'বা। (বেঞ্জামিন ফ্ৰেংকলিন)
20. পৃথিৱীৰ আধাভাগ মানুহৰেই কিবাকিবি ক'বলৈ আছে, কিন্তু ক'ব নোৱাৰে। বাকী অৰ্ধেকৰ ক'বলৈ নাই কিন্তু কৈয়েই আছে। ( ৰবাৰ্ট ফ্ৰষ্ট)
21. পাৰ্থিৱ খ্যাতি বতাহৰ নিশ্বাসৰ বাহিৰে আন একো নহয়। (ডাণ্টে)
22. পদাৰ্থ শক্তি আৰু জড় জগতক সভ্য মানুহে সাধাৰণভাৱে আয়ত্ত কৰিব পাৰিছে, শাৰীৰিক দুখ-যন্ত্ৰণা আৰু অকাল মৃত্যুকো অায়ত্তাধীন কৰিবলৈ শিকিছে। কিন্তু ইয়াৰ বিপৰীতে মানৱ সম্পৰ্কসমূহ প্ৰতিপালন কৰাৰ ক্ষেত্ৰত প্ৰস্তৰ যুগত বাস কৰা যেনহে লাগে। (গৰ্ডন ৱাইণ্ট আলপৰ্টে)
23. প্ৰথম নিজক বুজি লোৱা, তেতিয়াহে আনক বুজিব পাৰিবা। (ছক্ৰেটিছ)
24. প্ৰত্যেক মানুহ কিবা নহয় কিবা এটা বিক্ৰী কৰিহে জীৱন নিৰ্বাহ কৰে। (ৰবাৰ্ট লুই নিষ্টভেনছন)
25. প্ৰৱঞ্চকক প্ৰৱঞ্চনা কৰা কাৰ্যত সুখ দুগুণে বৃদ্ধি পায়। ( লা ফাউণ্টেন)
26. প্ৰতিশোধতকৈ ক্ষমাহে মনুষ্যত্বৰ চিনাকি। (মহাত্মা গান্ধী)
27. প্ৰতিশোধ হৈছে মানুহৰ বিবেচনাহীন বিচাৰ। (ফ্ৰান্সিছ বেকন)
28. প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভালপোৱাটো আৰু প্ৰকৃত জ্ঞান হৈছে পৃথিৱীত মানুহক জনাটো। (কনফুচিয়াচ)
29. পৃথিৱীৰ আটাইবোৰৰ মহান সভ্যতা প্ৰথম অৱস্থাত গড় লৈ উঠিছিল যুদ্বক্ষেত্ৰত লাভ কৰা কৃতকাৰ্যতাৰ ভেটিত। (কেনেথ ক্লাৰ্ক)
30. পলমে বিপদ মাতি আনে। (এমাৰ্ছন)
31. প্ৰকৃতিয়ে তোমাক যেনে কৰি তুলিব বিচাৰে তেনে হ'বা। প্ৰকৃতিয়ে যি কিব নিবিচাৰে তেনে হ'ব বিচাৰিলে এতিয়া যি আছা তাতোকৈ হাজাৰ গুণে বেয়া হ'বা। (ছিডনী স্মীথ)
32. প্ৰকৃত অভাৱ আৰু কাল্পনিক অভাৱৰ মাজত আঁচডাল কেতিয়াবা আঁকি চাইছেনে । অধিকাংশ অভাৱেই কাল্পনিক প্ৰকৃতিৰ। (লেভেটৰ)
33. প্ৰত্যেকৰে গাত এদিন হ'লেও বৰষুণৰ ছিটিকনি পৰিবই--- কেইদিনমান হ'ব ঘোৰ অন্ধকাৰ, কেইদিনমান ভয়ানক। (লংফেলো/দ্য ৰেইনীজেং)
34. পৰিৱৰ্তন যেতিয়া প্ৰয়োজন তাৰ আগতেই নিজক সলাই পেলোৱা। (জেক ৱেলছ)
Previous Post Next Post

Contact Form