সাধাৰণ জ্ঞান - General Knowledge

 

gk assamese

১. পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি ?
= ছাৰ ৰবাৰ্ট ৱালপ'ল।

২. পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰীজন কোন দেশৰ নাগৰিক আছিল ?
= গ্ৰেট ব্ৰিটেইনৰ।

৩. পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল ?
= শ্ৰীমতি চিৰিমাভো বন্দৰনাকে।

৪. বিশ্বৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ?
= মাৰিয়া ইছাবেল পেৰোন।

৫. কিমান চনত নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত পোন প্ৰথমবাৰৰ বাবে খোজ দিছিল ?
= ১৯৬৯,চনৰ ২১ জুলাই।

৬. বিশ্বৰ বৃহত্তম বৰফৰ হোটেলখন ক'ত অৱস্থিত ?
= ছুইডেনত।

৭. বিশ্বৰ বৃহত্তম ৰে'ল ষ্টেচনটো কোন দেশত অৱস্থিত ?
= আমেৰিকা যুক্তৰাষ্ট্ৰত।

৮. বিশ্বৰ উচ্চতম অট্ৰালিকাটোৰ নাম কি ?
= বুৰ্জ খলিফা

৯. বিশ্বৰ ভিতৰত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক ?
= খ্ৰীষ্টান ধৰ্মাৱলম্বী

১০. অৰ্থনীতিৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
= আডাম স্মিথ

১১. UNESCO-ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
= পেৰিছ

১২. NASA-ৰ সম্পুূৰ্ণ ৰূপ কি ?
= National Aeronautics And Space Administration

১৩. বিশ্বৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকতখন কি ?
= য়োমিউৰি শ্বিমবুন

১৪. বিশ্বৰ উচ্চতম স্থানত অৱস্থিত চহৰখনৰ নাম কি ?
= লা ৰিনকোনাডা, পেৰু ( সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,৭০০ ফুট বা ৫,১০০ মিঃ উচ্চতাত অৱস্থিত )

১৫. কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত উপস্থাপন কৰিছিল ?
= ৰাছিয়া

১৬. বিশ্ব সংৰক্ষণ সূচী (World Conservation List) ত অন্তৰ্ভুক্ত ভাৰতীয় চৰাইবিধৰ নাম কি ?
= শগুণ

১৭. পৃথিৱীৰ ক্ষুদ্ৰতম মাছটোৰ নাম কি ?
= পেডোচাইপ্ৰিছ প্ৰ'জেনিটিকা

১৮. বিশ্বৰ আটাইতকৈ উচ্চ বৃক্ষডালৰ নাম কি ? ইয়াৰ উচ্চতা কিমান ?
= হাইপেৰিয়ন (১১৫.৭২ মি: বা ৩৭৯.৭ ফুট)

১৯. কোনখন দেশৰ সংবিধান পৃথিৱীৰ দীৰ্ঘতম সংবিধান ?
= ভাৰত

২০. বিশ্বৰ ভিতৰত দীৰ্ঘতম ৰে'লপথটোৰ নাম কি ?
= ট্ৰান্স-ছাইবেৰিয়ান ৰে'লপথ (১১,২৭০ কিঃমিঃ) ৰাছিয়াৰ লেনিনগ্ৰেডৰ পৰা ব্লাডিভষ্টকলৈ

২১. মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?
= কুকুৰ, আৰু (কুকুৰটোৰ নাম আছিল লাইকা)

২২. স্বামী বিবেকানন্দই অংশগ্ৰহণ কৰা বিশ্বধৰ্মৰ প্ৰসিদ্ধ সভাখন ক'ত অনুষ্ঠিত হৈছিল ?
= চিকাগোত

২৩. 'ছাৰ্ক'ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
= নেপালৰ কাঠমাণ্ডুত

২৪. কোনখন নদীক 'ইজিপ্টৰ প্ৰহৰি' বুলি কোৱা হয় ?
= নীল নদী

২৫. বিশ্বত সৰ্বপ্ৰথম ছাতিৰ ব্যৱহাৰ কোনখন দেশে কৰিছিল ?
= চীন দেশে

২৬. পৃথিৱী বিখ্যাত 'ডিচকাছ' দলিওৱা খেলুৱৈৰ মূৰ্তিটো কোনজন প্ৰখ্যাত ভাস্কৰ্য শিল্পীৰ আছিল ?
= প্ৰাচীন গ্ৰীচ দেশৰ মাইৰণৰ

২৭. 'আধুনিক ঔষধৰ পিতৃ' বুলি কাক কোৱা হয় ?
= হিপোক্ৰেটিছ

২৮. পঞ্চশীল নীতিৰ উদ্ভাৱক কোন আছিল ?
= গৌতম বুদ্ধ

২৯. পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখনৰ নাম কি ?
= টকিঅ

৩০. আটাইতকৈ ব্যস্ত সামুদ্ৰিক পথ কোনটো ?
= উত্তৰ আটলাণ্টা

৩১. বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষাটো কি ?
= মাণ্ডাৰিণ

৩২. মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম মহিলাগৰাকী কোন ?
= জুনকো টাবেই

৩৩. ৰাষ্ট্ৰসংঘৰ মুখ্য বিত্তীয় উৎস স্বৰূপ ৰাষ্ট্ৰখনৰ নাম কি ?
= আমেৰিকা যুক্তৰাষ্ট্ৰ

৩৪. শৰণাৰ্থীসকলৰ লগত জড়িত আন্তৰ্জাতিক সংস্থাটোৰ নাম কি ?
= UNHCR (United Nations High Commission For Refugees)

৩৫. ৰাষ্ট্ৰসংঘৰ কোন চনত জন্ম হয় ?
= ১৯৪৫ চনত

৩৬. ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
= পেৰিছত

৩৭. আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা কোন চনত স্থাপন কৰা হৈছিল ?
= ১৯৫৭ চনৰ ২৫ জুলাইত

৩৮. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ?
= লণ্ডনত

৩৯. কোন চনত G-15 গঠিত হৈছিল ?
= ১৯৮৯ চনত

৪০. তেল ৰপ্তানি কৰা দেশবোৰে এটা বাণিজ্যিক সংস্থা গঠন কৰিছে। সংস্থাটোৰ নাম কি ?
= Organization Of Petroleum Exporting Countries

৪১. কোনটো আন্তৰ্জাতিক অভিকৰণে এছিয়াৰ উন্নয়নশীল দেশক ঋণ প্ৰদান কৰে ?
= এছিয়ান ডেভেল'পমেণ্ট বেংক

৪২. এমনেষ্টি ইণ্টাৰনেছনেল নামৰ বিশ্বব্যাপ্ত মানৱ অধিকাৰ সংস্থাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
= লণ্ডনত

৪৩. ইণ্টাৰপ'লৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
= লিয়নছ (ফ্ৰান্স)

৪৪. উত্তৰ আটলাণ্টিক চুক্তি সংঘ (North Atlantic Treaty) কেতিয়া গঠন কৰা হৈছিল ?
= ১৯৪৯ চনত

৪৫. 'ৰেড ক্ৰছ সমাজ' (Red Cross Society) কিহৰ লগত জড়িত ?
= চিকিৎসা সেৱা

৪৬. বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি ?
= নেপাক

৪৭. ভাৰতবৰ্ষত অৱস্থিত বিশ্বৰ উচ্চতম হাইডেল পাৱাৰ প্ৰজেক্টটোৰ নাম কি ?
= ৰহটং জলবৈদ্যুতিক প্ৰকল্প

৪৮. বিশ্বৰ 'বৃহত্তম উট মেলা' ৰূপে চিহ্নিত ভাৰতৰ ৰাজস্থানত অনুষ্ঠিত হোৱা বিখ্যাত মেলাখনৰ নাম কি ?
= পুষ্কৰ মেলা

৪৯. বিশ্বৰ একক বৃহত্তম নিয়োগকাৰী ভাৰতীয় সংস্থাটোৰ নাম কি ?
= ভাৰতীয় ৰে'ল সেৱা

৫০. এছিয়াৰ কোনখন দেশে পোন প্ৰথমে আটলাণ্টিক মহাসাগৰৰ সিপাৰলৈ বিমান সেৱা আৰম্ভ কৰিছিল ?
= ভাৰত

৫১. এছিয়াৰ প্ৰথম সম্পৰ্ণ ভূ-গৰ্ভস্থ (Underground) প্ৰকল্পটোৰ নাম কি ?
= সঞ্জয় বিদ্যুত প্ৰকল্প । ই হিমাচল প্ৰদেশৰ কিম'ৰ জিলাত অৱস্থিত

৫২. চুলতান মহম্মদৰ কবৰ নামেৰে জনাজাত বিশ্বৰ বৃহত্তম গম্বুজটো কি ?
= গোল গম্বুজ

৫৩. ছাৰ্ক (SAARC) শীৰ্ষ সন্মিলনৰ জন্ম কেতিয়া হৈছিল ?
= ১৯৮৫ চনত

৫৪. বিশ্বৰ দীৰ্ঘতম ৰে'ল সুৰংগটোৰ নাম কি ?
= আল্পাইন পৰ্বতমালাৰ মাজেদি পাৰ হোৱা গোটহাৰ্ড বেচ টানেল, ছুইজাৰলেণ্ড (৫৭ কিঃমিঃ)


Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form