Most Popular Assamese Quotes About Life | Mahat Lokar Bani

Most Popular Assamese Quotes About Life | Mahat Lokar Bani


Great Man Quotes About Life | Assamese Inspirational Quotes


1. জীৱনৰ যদি উদ্দেশ্য নাই, দৰ্শন নাই, তেন্তে পতন অনিবাৰ্য। (বাইবেল)
2. টকায়েই সৰ্বস্ব বুলি মনে-প্ৰাণে ভবাজনৰ পৰা সাৱধানে চলিব। কিয়নো ধনৰ বাবে তেওঁ তোমাৰ সৰ্বনাশ ঘটাব পাৰে। (মণ্টেইন)
3. ডেকা-গাভৰুসকলে ভাবে যে বুঢ়াবোৰ মূৰ্খ, কিন্তু বুঢ়াসকলে জানে যে ডেকা-গাভৰুসকল মূৰ্খ। (জৰ্জ চেলমেন)
4. ডেকা বয়সত যিয়ে শিক্ষাক অৱহেলা কৰে তেওঁ অতীতক হেৰুৱাই আৰু ভৱিষ্যতৰ কাৰণে মৃত্যুবৰণ কৰে। (ইউৰিপি ডেছ)
5. ঢপলিয়াই আগবাঢ়িব খোজা মানুহক কেতিয়াও সভ্য বুলি ক'ব নোৱাৰি। সভ্য হ'বলৈ যিবোৰ কাম কৰিব লগা হয় সেইবোৰ কৰিবলৈ যথেষ্ট ধৈৰ্য্য আৰু সময়ৰ দৰকাৰ হয়। (উইল ডুৰাণ্ট)
6. তোমাৰ প্ৰতি আনৰ প্ৰেমে তোমাক দিয়ে শক্তি, আনক ভালপোৱাই তোমাক দিয়ে সাহস। (লাওচু)
7. তেওঁলোকৰ গাত কিবা নহয় কিবা গুণ আছে--- এই কথা প্ৰতিজন বন্ধুকে অনুভৱ কৰাত সহায় কৰাটো আপোনাৰ অন্যতম কাম। (অজ্ঞাত)
8. তুমি যদি জীৱনত জ্ঞানী হ'ব খুজিছা, তেন্তে নিজকে শাসন কৰা। (লেভেষ্টাৰ)
9. তেৱেঁই মহান কবি, যিজনে প্ৰতিটো শব্দৰ মাজেৰে তেজ নিগৰাব পাৰে। (ৱাণ্ট হুইটমেন)
10. তুমি যদি জীৱনক ভালপোৱা তেনেহ'লে সময় নষ্ট নকৰিবা, কিয়নো সময় ধাতুৰেই জীৱন নিৰ্মিত। (বেঞ্জামিন ফেংকলিন)
11. তুমি নিজৰ অনিষ্ট নকৰাকৈ আনৰ অনিষ্ট কেতিয়াও কৰিব নোৱাৰা। (ৰালফ্ ওৱাল্ডু ইমাৰ্ছন)

Assamese Educational Quotes | Mahat Lokar Bani Assamese

12. তুমি কাক বখনা আৰু কাৰ গুণৰ আদৰ কৰা মোক কোৱা, তোমাৰ বুদ্ধিশক্তি আৰু চৰিত্ৰৰ সকলো কথা মই কৈ দিম। (ছেইণ্ট বুভ)
13. তুমি তোমাৰ পত্নীৰ বিষয়ে বেয়া কথা ভাবিছিলা বুলি ভাবি কেতিয়াও অনুশোচনা নকৰিবা। তোমাৰ পত্নীয়ে তোমাৰ বিষয়ে তাতোকৈ বেয়াকৈ ভাবে। (জাঁ ৰষ্টাড)
14. তুমি যদি কেৱল এজন লেখকৰ পৰা চুৰি কৰা সেইটোক কোৱা হয় নকল। যদি বহুত লেখকৰ পৰা চুৰি কৰা, সেইটোক কোৱা হয় গৱেষণা। (উইছন মিজনাৰ)
15. তৰোৱাল ঘূৰাব জনাটোৱেই যথেষ্ট নহয়। কাৰ বিৰুদ্ধে তৰোৱাল ঘূৰাব লাগে সেই কথাও সাহসী লোকজনে জনা উচিত। (কীটছ)
16. তিৰোতা আৰু নিকৃষ্ট লোকক চলোৱা বৰ টান। (কনফুচিয়াছ)
17. তোমাৰ জীৱনত দুৰ্যোগ নহা পৰ্যন্ত তুমি তোমাৰ প্ৰকৃত বন্ধুক কেতিয়াও আৱিষ্কাৰ কৰিব নোৱাৰা। (আৰ্নল্ড এইচ গ্লাচগ্লো)
18. তুমি ক'ত বাগৰি পৰিছিলা, তাক মনত নাৰাখিলেও কথা নাই; কিন্তু ক'ত পিছল খাইছিলা, সেয়া সদায় মনত ৰাখিবা। (আফ্ৰিকান প্ৰবচন)
19. তুমি যদি সপোন দেখিবলৈ শিকা নাই, তেন্তে জীয়াই থকাটো তোমাৰ বাবে অসহনীয়া হৈ পৰিব। (আনতোলা ফ্ৰাঁ)
20. তেওঁ জীৱন্তে মৰা যদিহে তেওঁ কাকো বিশ্বাসত ল'ব পৰা নাই। (গ্যেটে)
21. তুমি তোমাৰ পিতাৰ নাম স্মৰন কৰি পঢ়া, সেইজন পিতাই বোকাৰ পৰা মানুহ সৃষ্টি কৰিলে। পঢ়া যে তোমাৰ সৃষ্টিকৰ্তাজন অতি দয়াশীল তেওঁ অজ্ঞ মানুহবোৰক শিক্ষা দি জ্ঞানৰ অধিকাৰী কৰিলে। (কোৰাণ শ্বৰীফ)
22. তুচ্ছ চিন্তা আৰু দুৰ্ভাগ্যই যাক পৰাভূত কৰিব পাৰে, তেৱেঁই নীচ আৰু দুৰ্বল। মহৎ লোকেহে তুচ্ছতাৰ ওপৰত অৱস্থান কৰে। (ৱাশ্বিংটন আৰ্ভিং)
23. তুমি যদি সদায় শুদ্ধ কাম কৰিব খোজা আৰু তাকে কৰি আনন্দ পাব খোজা তেন্তে প্ৰকৃত প্ৰেমেৰে তোমাৰ হৃদয় আৰু মন পৰিপূৰ্ণ হ'বলৈ দিয়া। (গ্যেটে)
24. তিনিটা বস্তুৰ পৰা সদায় আঁতৰত থাকিবা। সেয়া হ'ল--- অচিনাকি কুকুৰ, বানপানী আৰু নিজকে জ্ঞানী বুলি ভবাজনৰ পৰা। (ৱেলছ প্ৰবচন)

Assamese Quotes On Education | Love Quotes

25. তুমি পৃথিৱীলৈ আহোঁতে লগত একোৱেই অনা নাছিলা, জীৱনত যিয়েই তুমি নোপোৱা কিয়, তুমি লাজতেই আছা। (টমী ষ্টীল)
26. তুমি যদি শান্তি বিচাৰিছা, তেন্তে বন্ধুৰ লগত কথা পাতি লাভ নাই। শত্ৰুৰ লগত কথা পাতিলেহে শান্তি পাবা। (মোছে ডায়ান)
27. তুমি যদি জীৱনত পুৰস্কৃত হ'বলৈ বাঞ্চা কৰা নিশ্চয় ইয়াক লাভ কৰিবা। (কোৰাণ শ্বৰীফ)
28. তুমি যদি অনন্তৰ অভিমুখে আগবাঢ়িব খোজা, তেন্তে তোমাৰ চৌদিশে সন্তৰ সন্ধাৰ কৰা। (গ্যেটে)
29. তুমি যেতিয়া গভীৰ পানীত নিমজ্জিত, তেতিয়া কেতিয়াও মুখ নেমেলিবা। মুখ বন্ধ ৰখাৰ সেয়াই উপযুক্তি সময়। (চিডনী গফ)
30. তোমাৰ সমসাময়িক বা পূৰ্বসুৰীতকৈ ভাল হোৱাৰ চেষ্টাতে সময় পাৰ কৰি নিদিবা। নিজতকৈ ভাল হ'বলৈ চেষ্টা কৰাটোহে আচল কথা। (উইলিয়াম ফকনাৰ)
31. তুমি কি কৰিব পাৰা, সেই কথা জনাতকৈ তুমি কি কাম কৰিব নোৱাৰা, সেই কথা জনাটো কেতিয়াবা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। (লিন ইউটাং)
32. তুমি নিজকে কি বুলি ভাবা ? তোমাৰ সহায় অবিহনেও সূৰ্য অস্ত যায়। (দ্য টালামুড)
33. তুমি যদি এশজনক খুৱাব নোৱাৰা, তেন্তে এজনকে খুৱাবা। (মাডাৰ টেৰেছা)
34. তুমি মনত ৰাখিবা--- অকল তুমিয়েই এই পৃথিৱীত জীয়াই থকা নাই। তোমাৰ ভাতৃসকলে এই পৃথিৱীতে জীৱন নিৰ্বাহ কৰি আছে। (ছোৱেজাৰ)
35. তুমি যেতিয়া শুদ্ধ, তুমি অধিক গোড়া হ'ব নোৱাৰা, তুমি যেতিয়া ভুল পথত, তেতিয়া অধিক ৰক্ষণশীলো হ'ব নোৱাৰা। (মাৰ্টিন লুথাৰ কিং)
36. তুমি জীৱনত যদি সফল হ'ব খুজিছা, তেন্তে অধ্যাৱসায়ক অন্তৰংগ বন্ধু, অভিজ্ঞতাক তোমাৰ উপেদষ্টা, সাৱধানতাক জ্যেষ্ঠ ভ্ৰাতৃ আৰু প্ৰত্যাশাক অভিভাৱক হিচাপে গ্ৰহণ কৰা। সফল হ'বাই। (যোছেফ এডিছন)
37. তুমি যদি যুক্তিৰ পোহৰত জীৱন অতিবাহিত কৰিব বিচাৰিছা তেন্তে প্ৰথমে নিজক মনটোক সাহসী কৰি লোৱা। দুৰ্বল মানুহ যুক্তিবাদী হোৱাটো সহজ কথা নহয়। (লুই দি ব্ৰেণ্ডেইছ)
38. দুজন মানুহৰ ভিতৰত পাৰ্থক্য বুদ্ধি-শক্তিত নাথাকে, কেৱল কাম কৰাৰ ক্ষমতাতহে থাকে। (ডাক্তৰ আৰ্নল্ড)
39. দীৰ্ঘকালীন কাজিয়া মানেই দুয়ো পক্ষই ক'ৰবাত ভুল কৰিছে। (ভল্টেয়াৰ)
40. দুটা বস্তুৱেই জীৱনৰ লক্ষ্য হোৱা উচিত। এটা হ'ল বিচৰাটো পোৱা আৰু আনটো হ'ল পোৱাৰ পিছত তাক সদ্ব্যৱহাৰ কৰা। জ্ঞানীজনেহে দ্বিতীয় লক্ষ্যত উপনীত হয়। (স্মিথ)
41. দুটা কাৰণত সদায় ভুল হ'ব পাৰে। দ্বিতীয় ভুলটো নগণ্য হৈ পৰে, যদিহে প্ৰথম ভুলটো সংশোধন কৰিব পাৰি। (পিটছ হাই পোথেছিছ)
42. দাস হ'বলৈ মই যিহেতু নোখোজোঁ, সেয়েহে প্ৰভু হোৱাৰ অভিলাষ মোৰ নাই। (অাব্ৰাহাম লিংকন)
43. দুখ-বেদনাই এনে এক গাম্ভীযৰ্তা প্ৰদান কৰে যে আমি ভাগ্যৰ লগত সন্ধি স্থাপন কৰোঁ। (অালেকজেণ্ডাৰ চেলকাৰ্ক)
44. দুজন বন্ধুৱে এটা বিষয় লৈ দুৰ্বাদল তৰ্কত লিপ্ত থকাৰ সময়ত নীৰৱ হৈ থাকিব পৰাটোৱেই সংযমী বন্ধুৰ পৰীক্ষা। (এইচ এলেন)
45. ধৈৰ্যৰ স্বাদ অতি তিতা, কিন্তু তাৰ ফল অতি মিঠা। (ৰুছো)
46. ধন উপাৰ্জনতকৈ জ্ঞান উপাৰ্জন শ্ৰেষ্ঠ। (বুদ্ধদেৱ)
47. ধীৰভাৱে চিন্তা কৰাটো ধীৰভাৱে পুথি অধ্যয়ন কৰাতকৈ অধিক মূল্যবান। (টমাছ এডামছ)
48. ধূৰ্তৰ দ্বাৰা প্ৰসংসিত হোৱাতকৈ মূৰ্খৰ দ্বাৰা নিন্দিত হোৱাই অধিক কৃতিত্বৰ পৰিচায়ক। (ফেডৰিক স্মিথ)
49. ধৈৰ্যশীল লোকক খং নুঠাবা। ধৈৰ্যশীলৰ খং হত্যাকাৰীতকৈও ভয়ংকৰ। (ড্ৰাইডেন)
50. ধ্বংসৰ বাট আহল-বহল। সেই বাটেৰে যোৱা সহজ, কিয়নো সেই বাট পোনপটীয়া। কিন্তু জীয়াই থকাৰ বাবে এই সহজ বাট বৰ পিছল। (নিউ টেষ্টামেণ্ট)

Previous Post Next Post

Contact Form