122 কৌতুক অসমীয়া - Assamese Jokes | Joke For Students In Assamese 2023

 কৌতুক অসমীয়া - Assamese Jokes | Joke For Students In Assamese 2023

নমস্কাৰ বন্ধু বান্ধৱী সকল,
আশা কৰো তোমালোক সকলোৰে ভাল, মই আছো কিবাকে ভালে। এই পোষ্টটোৰ জৰিয়তে তোমালোকলৈ বহুতো অসমীয়া কৌতুক যেনে -
অসমীয়া ৰগৰ কৌতুক, কৌতুক অসমীয়া, অসমীয়া হাঁহিৰ কৌতুক, অসমীয়া নতুন কৌতুক, অসমীয়া জমনি কৌতুক, অসমীয়া কমেডি, অসমীয়া প্ৰেমৰ কৌতুক, Funny jokes 2021, Jokes, Jokes in assamese, ইত্যাদি লৈ আহিছো। আশা কৰো কৌতুক বিলাক পঢ়ি তোমালোকৰ ভাল লাগিব।

1. এসময়ত এজন বুৰঞ্জীৰ শিক্ষক অাৰু গণিতৰ শিক্ষকে তৰ্কত লিপ্ত হৈছিল……
বুৰঞ্জী শিক্ষকঃ মই তোমাৰ লগত যুদ্ধ কৰিবলৈ মোগল সৈন্যক এৰি দিম।
গণিতৰ শিক্ষকঃ মই তোমাৰ সৈন্যবোৰক বন্ধনীত বন্দী কৰিম আৰু শূন্যৰ লগত হৰণ কৰি পূৰণ কৰি দিম।

2. এজন বাতৰি কাকতৰ সাংবাদিকে শচীনৰ সৈতে এক সাক্ষাৎকাৰত শুধিলে……
সাংবাদিকঃ দক্ষিন আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট ভ্ৰমণ সূচীত ভাৰতৰ অকৃতকাৰ্য্যতাৰ কাৰণ কি ?
শচীনঃ কাৰণ, ভাৰতীয় খেলুৱৈৰ লগত তাত গাৰ্ল-ফ্ৰেইণ্ড নাছিল।

3. জিম্মীঃ ছাৰ আমি আমাৰ ব্ৰেইন লৰচৰ কৰিব পাৰোনে ?
শিক্ষকঃ নাই, নোৱাৰা।
জিম্মীঃ তেতিয়া হ'লে, আমি কেনেকৈ মন পৰিৱৰ্ত্তন কৰিব পাৰো ?

4. আইনজ্ঞঃ আপুনি নিজৰ স্বামীক এনেদৰে ঘুচিয়াইছিলে কিয় ?
পত্নীঃ চৰিয়ালে একো লাভ নাই বাবে !

5. শিক্ষকঃ যদি এজন চাকৰে এটা কোঠা পৰিষ্কাৰ কৰোতে এঘণ্টা সময় লয়, তেন্তে দুজন চাকৰে কিমান সময় ল'ব ?
আমীৰঃ চাৰি ঘণ্টা।
শিক্ষকঃ কেনেকৈ ?
আমীৰঃ সিহঁতে কথাপাতি অধিক সময় অতিবাহিত কৰিব।

6. মাক(ছবছৰীয়া জীয়েকলৈ চাইঃ তাই আজি এবছৰৰ পৰাই এনেদৰে খোজকাঢ়ি আছে।
অতিথিঃ কি আচৰিত ! আপুনি তাইক বহুৱাই দিব নোৱাৰেনে ?

7. ফেল কৰা ছাত্ৰঃ যদি এজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ বন্ধ কৰি দিয়ে তেন্তে তেওঁৰ মৃত্যু হ'বনে ?
শিক্ষকঃ নহয় ! চোৱা, তুমিতো জীয়াই আছা, নহয় জানো ?

8. এজন ল'ৰাই দেউতাকলৈ কলেজৰ পৰা চিঠি এখন লিখি পঠিয়াইছিল……
মৰমৰ দেউতা, ধন নাই, স্ফুৰ্তি নাই ।
     ইতি__ চনি
দেউতাকে উত্তৰত লিখিছিল……
মৰমৰ পুত্ৰ, কি দুখজনক ! বৰ বেয়া কথা ।
     ইতি__ তোমাৰ দেউতা

9. আলহীঃ মই মিঠাইৰ প্লেটখন হাতত তুলি ল'লেই আপোনালোকৰ কুকুৰটোৱে মোৰ ফালে খঙেৰে চাই ভুকিবলৈ ধৰে কিয় ?
গৃহস্থঃ কুকুৰটোৱে তাৰ প্লেটখন চিনি পাইছে ছাগে !

10. এজন গ্ৰাহকে গোৱাৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্টত খোৱাৰ মেনু এখন চাই সুধিছিল ……
হালধীয়া প্লেট স্পেচিয়েল আৰু বগা প্লেটৰ স্পেচিয়েল মাজত পাৰ্থক্য কি বাৰু ?
বগা প্লেটত স্পেচিয়েলৰ বাবে এটকা এটা বেছিকৈ দিব লাগে।
গ্ৰাহকঃ সেই খাদ্যৰ সোৱাদ উৎকৃষ্ট নেকি ?
ৰেষ্টুৰেণ্ট বয়ঃ নহয়, কিন্তু আমি এই প্লেটবোৰ চাফা কৰো।

11. মদ খাই মানুহ এজনে ফোন কৰিছিল……
"হেল্লো পুলিচ ! অনুগ্ৰহ কৰি সোনকালে আহক, কোনোবাই মোৰ গাড়ীৰ পৰা ষ্টেয়েৰিংডাল চুৰি কৰি নিছে ।"
দুইমিনিট সময়ৰ পাছত তেওঁ গাড়ীৰ ভিতৰৰ পৰা দৌৰি ওলাই আহিল।
"হেল্লো পুলিচ, সকলো ঠিকে আছে, ইমান সময় মই গাড়ীৰ পিছৰ ছিটতহে বহি আছিলো।"

12. প্ৰথম বন্ধুঃ আজিৰ খেলৰ খবৰ কেনে ?
দ্বিতীয় বন্ধুঃ এজন বেটছমেনে মোৰ প্ৰথম অভাৰৰ তৃতীয় বলটো মাৰিব নোৱাৰিলে। উইকেট কীপাৰজনেও বলটো ধৰিব নোৱাৰিলে আৰু বন্ধুবোৰেও ক'ব নোৱাৰিলে বলটো কলৈ গ'ল !
প্ৰথম বন্ধুঃ সঁচা, তেনেহ'লে বলটো কলৈ গ'ল ?
দ্বিতীয় বন্ধুঃ মই বলটো দিয়াই নাছিলো। বলটো মোৰ হাততে আছিল।

13. শান্তা সিঙে জোনাক নিশা ফুৰি থাকোতে এজন মানুহে মাটিত কিবা বিছাৰি থকা দেখা পাইছিল……
শান্তা সিংঃ হেৰি আপুনি কি বিচাৰি আছে ?
মানুহঃ মোৰ আঙুঠিটো, মহাশয়, তেওঁ উত্তৰ দিলে।
শান্তা সিংঃ আপুনি ইয়াতে হেৰুৱাইছিলনে ?
মানুহঃ নহয় মহাশয়, সৌ আঁতৰত থকা গছজোপাৰ তলতহে হেৰোৱইছিলোঁ। কিন্তু ইয়াত পোহৰ বেছি, সেয়েহে মই ইয়াত বিচাৰি আছো।

14. গ্ৰাহকঃ চাহকাপ ইমান ঠাণ্ডা কিয় ?
ৱেইটাৰঃ কাৰণ, এইকাপ দাজিৰ্লিঙৰ স্পেচিয়েল চাহ।

15. শিক্ষকঃ টেডি বিয়েৰৰ দৌৰ প্ৰতিযোগিতা পাতি, প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ঠিক আগতে তুমি কি বুলি ক'বা ?
ছাত্ৰাঃ ৰেডি, টেডি গ' ।

16. গ্ৰাহকঃ ৱেইটাৰ, মোৰ ছালাডত এটা বুটাম পোৱা গৈছে।
ৱেইটাৰঃ ছালাড সজাই থাকোতে মোৰ চাৰ্টৰ আধা ছিগা বুটামটো ছাগৈ পৰি গৈছিল।

17. মিনিষ্টাৰঃ সোণটো, তোমাৰ পঢ়া-শুনা কেনে চলিছে ?
পুত্ৰঃ কাইলৈ মোৰ বুৰঞ্জীৰ পৰীক্ষা আছে দেউতা, কিন্তু মোৰ পঢ়া-শুনা একোৱে হোৱা নাই।
মিনিষ্টাৰঃ কোনো অসুবিধা নাই, মই কাইলৈ বন্ধ ঘোষণা কৰিম।

18. নাৰ্ছঃ তোমাক আজি বৰ ভাগৰুৱা যেন লাগিছে কিয় ?
ৰোগীঃ মই গোটেই যোৱা নিশাটো উজাগৰে থাকি তেজৰ বিষয়ে থকা কিতাপখন পঢ়ি শেষ কৰিছো।
নাৰ্ছঃ তুমি কিয় এনে কৰিছিলা ?
ৰোগীঃ মোৰ বাৰু আজি তেজৰ পৰীক্ষা নহ'ব জাানো ?

19. শিক্ষকঃ মই অতি আচৰিত হৈছো যে তুমি লিখা "গৰু" বিষয়ৰ ৰচনাখন  তোমাৰ বাইদেৱে দহবছৰৰ আগতে লিখা ৰচনাখনৰ সৈতে একে ।
ছাত্ৰঃ ইয়াৰ কাৰণ গৰুটো যে একে।

20. ব্যক্তিঃ ক্ষমা কৰিব, আপুনি বাৰু ওচৰে-পাজৰে কোনোবা পুলিচ দেখাপাইছে নেকি ?
অইন ব্যক্তিঃ ঠিক আছে, তেনেহ'লে হাতদুখন ওপৰলৈ ডাঙক আৰু আপোনাৰ পইচাৰ বেগটো মোক দিয়ক ।

21. প্ৰথম চোৰঃ যেতিয়াই মই চোৰ কৰিবলৈ ঘৰত সিন্ধি খান্দো, তেতিয়াই মই দেখো যে মানুহঘৰ বৰ দুখীয়া।
দ্বিতীয় চোৰঃ ভগৱানক ধন্যবাদ, যে মোৰ ক্ষেত্ৰত সেয়া নঘটিল। মই যেতিয়া কোনো ঘৰত চোৰ কৰিবলৈ সোমাওঁ, গৃহস্থ ঘৰ সদায় লাখপতি হয়।
প্ৰথম চোৰঃ কিন্তু কেনেকৈ ?
দ্বিতীয় চোৰঃ কাৰণ, মই সদায় কোটিপতিৰ ঘৰহে বিচাৰি ফুৰো।

22. খেতিয়কজনে কিয় বাৰু আলুৰ খেতিপথাৰত ৰ'লাৰ চলাই দিয়ে।
একেবাৰে সহজকথা ! দৰাচলতে, তেওঁ আলুখিনি গঁজাৰ পূ্ৰ্বেই সানিব বিচাৰে।

23. তুমি গোটেইকেইটা অংকই কৰিছা। কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ প্ৰতিটোৱেই ভুল।
ছাত্ৰঃ কিন্তু ছাৰ, আপুনিটো জনোৱা নাছিল যে গোটেইবোৰ শুদ্ধ হ'ব লাগিব। কেৱল অংককেইটা কৰিবহে দিছিলা।

24. ৰাজুঃ তুমি তোমাৰ বন্ধুবোৰৰ মাজত কিমান জনপ্ৰিয় ?
ৰামঃ মই শ্ৰেণীৰ বাহিৰত থিয় হোৱা ছাত্ৰ।
ৰাজুঃ এইটো সঁচাই বৰ আচৰিত।
ৰামঃ এটাই অসুবিধা যে, সদায় বাহিৰত থিয় হৈ ভাল নালাগে।

25. কোনো এটা ঘটনাৰ অনুসন্ধান চলাই পুলিছে ঘটনাস্থলীৰ কাষৰ ঘৰৰ চুবুৰীয়াক শুধিলে……
পুলিচঃ যোৱা কালি সন্ধিয়া এটা ভয়ানক শব্দ আপোনালোকৰ কাষৰ ঘৰত শুনা নাছিলনে ?
চুবুৰীয়াঃ আমি একো শুনা নাছিলো। কেৱল তেওঁলোকৰ কুকুৰটোৱেহে বৰকৈ ভুকা শুনিছিলো !

26. শিক্ষয়িত্ৰীঃ সুজয়, স্কুললৈ আহিবলৈ তোমাৰ দুঘণ্টা সময় পলম হয় আৰু স্কুল ছুটীৰ পাছত ঘৰ পাবলৈ পাঁচ মিনিট সময় লাগে। ইয়াৰ কাৰণ কি ?
সুজয়ঃ বাইদেউ, ৰাতিপুৱা মই সদায় প্ৰথমে মোৰ সকলোখিনি পোহনীয়া জীৱকে বিদায় জনা লাগে, তাৰ পিছতহে মই স্কুললৈ আহিব পাৰো।
শিক্ষয়িত্ৰীঃ তোমাৰ মেকুৰী আৰু কুকুৰ পোৱালিক বিদায় দিওতে কিমান সময় লাগে ?
সুজয়ঃ কিন্তু বাইদেউ, মোৰ এখন পৰুৱাৰহে ফাৰ্ম আছে।

27. গৃহস্থঃ হেৰা, গছৰ গুৰিত আজি কিয় পানী দিয়া নাই ?
লগুৱাঃ বৰষুণ দি আছিল, ছাৰ।
গৃহস্থঃ (খঙেৰে) তুমি কিয় ছাতি ব্যৱহাৰ কৰা নাছিলা ?

28. প্ৰশ্নঃ ম'বাইলে টেলিফোনক কি কয় বাৰু ?
উত্তৰঃ তুমি ঘূৰি ফুৰাৰ বাবে বৃদ্ধ হৈ পৰিছা।

29. মাকঃ হৰ্ষ, তুমি কিয় কান্দি আছা ?
হৰ্ষঃ মই আঙুলিত দুখ পাইছো, মা।
মাকঃ কেতিয়া দুখ পালা ?
হৰ্ষঃ আধাঘণ্টামানৰ আগতে।
মাকঃ তেতিয়াতো তুমি কন্দা শুনা নাছিলো।
হৰ্ষঃ নহয়, মই ভাবিছিলো তুমি ঘৰৰ বাহিৰত আছিলা।

30. ইংৰাজী ক্লাছত শিক্ষকে ছাত্ৰক শুধিলে_
শিক্ষকঃ কোনজোপা ট্ৰি তুমি হাতৰ মুঠিত ধৰি ৰাখিব পাৰিবা ?
ছাত্ৰঃ পেষ্ট্ৰী, ছাৰ।

31. প্ৰশ্নঃ পৰুৱাৰ মুখতকৈ সৰু কি ?
উত্তৰঃ ইঁহতৰ খাদ্য।

32. প্ৰশ্নঃ মাখিবোৰ প্লেটৰ ওপৰত পৰি কিয় ফুটবল খেলি আছিল ?
উত্তৰঃ সিহঁতে তাত থকা খাদ্যখিনি খাবৰ বাবে অভ্যাস কৰি আছিল।

33. প্ৰশ্নঃ বক্সাৰে কি খাবলৈ নিবিচাৰে ?
উত্তৰঃ পাঞ্চ (ঘোঁচা খাবলৈ নিবিচাৰে)।

34. কোনে প্ৰশ্ন নকৰাকৈ বহুত উত্তৰ দিয়ে ?
= কলিংবেলে।

35. মাকঃ সূৰজ, তুমি ভাল ল'ৰা-ছোৱালীৰ লগত নেখেলা কিয় ? মই দেখা পাইছো যে সকলো সময়তে তুমি দুষ্ট ল'ৰাৰ সৈতে খেলি থাকা।
সূৰজঃ মই কি কৰোঁ, মা ? ভাল ল'ৰা-ছোৱালীৰ মাকেও সিহঁতৰ ল'ৰা-ছোৱালীক এই উপদেশকেই দিয়ে।

36. চাকৰঃ মালিক, এখন চিঠি আহিছে ।
মালিকঃ কোন মূৰ্খলৈ আহিছে ?
চাকৰঃ মালিক, আপোনালৈ।
মালিকঃ কোন মূৰ্খই লিখিছে ?
চাকৰঃ আপোনাৰ দেউতাই, মালিক ।

37. চকুৰ ডাক্তৰঃ আপুনি এযোৰ নতুন চশমা ল'ব লাগিব ।
ৰোগীঃ আপুনি কেনেদৰে জানিলে ? আপুনিতো এতিয়াও মোক পৰীক্ষা কৰা নাই !
চকুৰ ডাক্তৰঃ কাৰণ, আপুনি মোৰ অফিচৰ খিৰিকীখনেদি ভিতৰলৈ সোমাই আহিছে ।

38. ৰবিঃ মোৰ পত্নীয়ে প্ৰত্যেক নিশা শুই থাকোতে টোপনিতে খোজ কাঢ়িবলৈ প্ৰশিক্ষণ লয়।
ৰিতুঃ তেওঁ কিয় এনে কৰে, বাৰু ?
ৰবিঃ সময় বচাবৰ কাৰণে ! কাৰণ, এনে কৰিলে তেওঁৰ নিজৰ ব্যায়াম কৰা হ'ব আৰু লগতে একেলগে দিনটোত বহু সময় জিৰণি লবও পাৰিব।

39. পুলিচঃ যোৱাকালি চুৰ কৰিবলৈ যাওতে লগত কাক লৈ গৈছিলি ?
চোৰঃ কাকো নিয়া নাই চাৰ, আজি-কালি কাকো ভৰসা কৰিব নোৱাৰি !

40. দিপুঃ তুমি আমাৰ মা-দেউতাৰ এটা বৰ্ষপুৰ্তি ঘটনাৰ বিষয়ে জানিব খোজা নেকি ?
ৰাজুঃ কোৱাচো, কি সেই ঘটনাটো ।
দিপুঃ তেওঁলোকে একে সময়তে, একে তাৰিখতে, একে বছৰতে আৰু একেখন ঠাইতে বিয়া পাতিছিলব !

41. উকীলঃ মহাশয়, মোৰ ক্লায়েণ্ট যিজনে কালি কেছটোত জিকিছিল মোক ফিজ দিবলৈ অনিচ্ছা কৰিছে ।
বিচাৰকঃ তোমাৰ অনুৰোধখিনি লিখিত ৰূপত দিবানে ?
উকীলঃ হয়, মহাশয় ।
বিচাৰকঃ তেওঁ আৰু কি কৈছিল ?
উকীলঃ তেওঁ মোক নৰকলৈ যাবলৈ কৈছে ।
বিচাৰকঃ তেনেহ'লে তুমি কি কৰিলা ?
উকীলঃ মই পোনেই ইয়ালৈ আহিলো, ছাৰ ।

42. শিক্ষকঃ আকবৰৰ জন্ম কেতিয়া হৈছিল ?
ছাত্ৰঃ তেওঁৰ জন্মৰ দিনৰ দিনা !

43. জিতুঃ মই মাতৃ দিৱসত মোৰ মাক উপহাৰ দিবলৈ একো বস্তু ভাবিয়েই পোৱা নাই,
ৰাজীৱঃ লিপষ্টিক নিদিয়া কিয় ?
জিতুঃ নাই, তেওঁৰ মুখৰ আকাৰৰ বিষয়ে মই নিশ্চিত নহয় ।

44. পিণ্টুঃ মোৰ চাৰি হাজাৰ বছৰৰ আগতে জন্ম হোবাহেতেঁন ভাল হ'লহেতেঁন।
চিণ্টুঃ কিয় ?
পিণ্টুঃ মই ইমান বুৰঞ্জী নাজানিলেও হ'লহেতেঁন।

45. এগৰাকী ৰোগীক পৰিক্ষা কৰি ডাক্তৰে কৈছিল, মই ভাবো আপোনাৰ শ্বাসজনিত ৰোগ আছে।
ৰোগীয়ে উত্তৰ দিছিল - হয়, ডাক্তৰ মই উশাহ লওঁতে অসুবিধা পাওঁ ।
ডাক্তৰঃ চিন্তা নকৰিব । এয়া মই বন্ধ কৰি দিম।

46. শিক্ষয়িত্ৰীঃ এইবাৰ তোমালোকৰ পৰীক্ষা অতি সোনকালে পতা হ'ব। কিবা সুধিবলগীয়া থাকিলে সোধা।
ছাত্ৰঃ বাইদেউ, আমাৰ পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ কোনটো প্ৰেছত প্ৰিণ্ট কৰা হ'ব ?

47. মহিলাঃ আপুনি অনুগ্ৰহ কৰি আমেৰিকাৰ আৰু ফ্ৰান্সৰ মাজৰ দূৰত্ব কিমান ক'ব পাৰিবনে ?
তথ্য বিষয়াঃ অলপ সময়, বাইদেউ !
মহিলাঃ ধন্যবাদ ।

48. দেউতাঃ স্কুলত তুমি কি কৰি আছিলা ?
পুত্ৰঃ মই সকলো ভালেই কৰিছিলো, পঢ়া-শুনাৰ বাহিৰে !

49. ৰোগীঃ ডাক্তৰ বাবু, চশমা পিন্ধিলে মই ভালদৰে পঢ়িব পাৰিমনে ?
ডাক্তৰঃ অৱশ্যে পাৰিব ।
ৰোগীঃ তেতিয়াহ'লে আপুনি আজিয়েই মোক এযোৰ চশমা দিয়ক, কাৰণ মই পঢ়িব নাজানো।

50. ৰোগীঃ মোৰ এখন ভৰি বিষইছে ডাক্তৰ চাহাব।
ডাক্তৰঃ আপোনাৰ বয়স হোৱা বাবে ভৰি বিষাইছে।
ৰোগীঃ মূৰ্খ নবনাব। মোৰ আনখন ভৰিৰো একে বয়স ।

51. ডকাইতঃ মহাশয়, মোৰ নিৰ্দোষিতাৰ প্ৰমাণ দিবলৈ মোক কিছু সময়ৰ প্ৰয়োজন।
বিচাৰকঃ ঠিক আছে, তোমাক জেলত এবছৰ সময় দিয়া হ'ব !

52. বিচাৰকঃ মানুহজনৰ পৰা তুমি কিয় ঘড়ীটো চোৰ কৰিছিলা ?
চোৰঃ মই চোৰ কৰা নাছিলো। তেওঁ মোক এইটো নিজেই দিছিল।
বিচাৰকঃ কেতিয়া ?
চোৰঃ যেতিয়া তেওঁক মই মোৰ পিষ্টলটো দেখুৱাইছিলো !

53. কম্পিউটাৰ শিক্ষকঃ কম্পিউটাৰৰ দেউতাক কোন ?
ছাত্ৰঃ কম্পিউটাৰৰ মাকৰ গিৰিয়েক, ছাৰ !

54. দোকানীঃ এইটো বৰ ধুনীয়া কেক্ , আপুনি খাই বৰ ভাল পাব।
গ্ৰাহকঃ মই নাজানো, দেখাত কিন্তু এইটো নিগনিয়ে খোৱা যেন লাগিছে।
দোকানীঃ হ'বই নোৱাৰে, মোৰ মেকুৰীটোয়ে গোটেই নিশা ইয়াৰ ওপৰতেই শুই আছিল।

55. শিক্ষকঃ এটা সমকোণ বুলিলে কি বুজা ?
ছাত্ৰঃ অ-সমকোণৰ বিপৰীত কোণটোৱেই হৈছে সমকোণ।

56. শিক্ষকঃ যদি এগৰাকী মহিলাই এবাৰত এটা কাম কৰে, বিশগৰাকী মহিলাই কিমান কাম কৰিব ?
ছাত্ৰঃ একো কামেই নকৰে ছাৰ, তেওঁলোকে কেৱল বহিব আৰু কথা পাতিব।

57. আলহীঃ তোমাৰ জন্ম কেতিয়া হৈছিল সৌৰভ ?
সৌৰভঃ 7 জানুৱাৰী, সোমবাৰে। তোমাৰ জন্ম কেতিয়া হৈছিল ?
আলহীঃ 1 মাৰ্চ ৰবিবাৰে।
সৌৰভঃ তুমি মোক মূৰ্খ বুলি নাভাবিবা, ৰবিবাৰে দেখোন বন্ধৰ দিন।

58. পুত্ৰঃ দেউতা, মোৰ হোমৰ্ৱকখিনি কৰাত সহায় কৰি দিবানে ?
দেউতাঃ ৰবীন্দ্ৰনাথ ঠাকুৰে তোমাৰ বয়সত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।
পুত্ৰঃ কিন্তু দেউতা, যেতিয়া তেওঁৰ আপোনাৰ সমান বয়স হৈছিল তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল।

59. দোকানীঃ আমাৰ জনপ্ৰিয় ডিপাৰ্টমেণ্টেল ষ্টোৰ গোটেই চহৰতে প্ৰসিদ্ধ।
গ্ৰাহকঃ কিয় ?
দোকানীঃ কাৰণ আমি চুৰি কৰা সামগ্ৰীহে বিক্ৰী কৰো।

60. দেউতাঃ অশোক, দ্ৰয়িং ৰুমত আলহীৰ সৈতে যেতিয়া মই বহি থাকো, তেতিয়া মোক চাহৰ কথা নুসুধিবা। তেতিয়া চাহ বন্ধ কৰিবা আৰু কোনো আলহীকো নিদিবা।
অশোকঃ ঠিক আছে। দেউতা, ভৱিষ্যতে মই সকলোৰে বাবে চাহ কৰিমনে ?
দেউতাঃ নকৰিবা, তেনে কৰিলে খৰছ বাঢ়িবহে; মাত্ৰ মোক ফোন অহা বুলি ক'বা আৰু ভিতৰলৈ গৈ চাহ খাই আহিম।
কিছু দিনৰ পাছত যেতিয়া আলহী তেওঁলোকৰ ঘৰলৈ আহিছিল……
অশোকঃ দেউতা, তোমাৰ তোমাৰ বাবে এটা ফোন আহিছে।
দেউতাঃ একমিনিট, মই আহি আছো, অশোক।
অশোকঃ সোনকালে আহা, তোমাৰ ফোন ঠাণ্ডা হৈ আহিছে।

61. শিক্ষক - হৰি, লংপেণ্ট এটা একবচন নে বহুবচন ?
হৰি - ছাৰ, লংপেণ্টৰ ওপৰৰ অংশ একবচন আৰু তলৰ অংশ বহুবচন !

62. শিক্ষক - ৰোহন, এই বাক্যটোৰ ভৱিষ্যৎ কাল কি হ'ব- "ডকাইতে ঘৰটোৰ পৰা গহনা চুৰ কৰিছিল।"
ৰোহন - ডকাইতকেইজন জেললৈ যাব!

63. গৌতম - বহুদিন মোৰ দিনত টোপনি অহা নাই।
অমল - কিয় অহা নাই?
গৌতম - কাৰণ মই ৰাতিগে টোপনি যাওঁ।

64. ৰাম - মোৰ দেউতাই ৰাস্তা পাৰ হ'বলৈ ভয় কৰে।
শ্যাম - সঁচাই নে ? তুমি কেনেকৈ গম পালা ?
ৰাম - কাৰণ তেওঁ সদায় ৰাস্তা পাৰ হোৱাৰ সময়ত মোৰ হাতখন ধৰে।

65. দেউতাক - ডাক্তৰ বাবু, মোৰ ছোৱালীজনীয়ে এটা পঞ্চাশ পইচা খাইছিল।
ডাক্তৰ - কিমান দিন হ'ল ?
দেউতাক - দুমাহ
ডাক্তৰ - ইমান দিনে উলিওৱা নাই কিয়া ?
দেউতাক - খুচুৰা পইচাৰ দৰকাৰ হোৱা নাছিল বাবে।

66. চুইটি - তোমাৰ জন্মৰ তাৰিখ কি ?
ডলি - ১ ফেব্ৰুৱাৰী।
চুইটি - আৰু বছৰ ?
ডলি - স্বাভাৱিকভাৱে প্ৰতি বছৰ।

67. গ্ৰাহক - সাঁথৰৰ কিতাপ আছেনে ?
দোকানী - নাই ।
গ্ৰাহক - কৌতুকৰ কিতাপ আছেনে ?
দোকানী - নাই ।
গ্ৰাহক - তলা আছে নেকি ?
দোকানী - আছে ।
গ্ৰাহক - তেন্তে দোকান বন্ধ কৰক আৰু ঘৰলৈ যাওক।

68. দেউতা - মুখৰ ভিতৰত কি সোমাইছা ?
পুত্ৰ - এটা পিন।
দেউতা - এইটোৱে তোমাৰ মুখৰ অনিষ্ট কৰিব।
পুত্ৰ - কিন্তু দেউতা এইটো নিৰাপদ, কাৰণ এইটো এটা চেফ্টী পিন।

69. প্ৰশ্ন - এক মিনিটত এনে পঞ্চাছটা শব্দ কোৱা, য'ত "এ" আখৰটো নাথাকে।
উত্তৰ - তুমি ইংৰাজীত একৰ পৰা পঞ্চাছলৈ গন্তি কৰা, ক'তো "এ" আখৰটো পোৱা নাযায়।

70. প্ৰেমিকা - তুমি বাৰু প্ৰতিবাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ কেনেকৈ পোৱা ?
প্ৰেমিক - কাৰণ মই যেতিয়াই দৌৰো, তেতিয়াই ভাবি লওঁ যে তোমাৰ মায়ে মোক মাৰিবলৈ খেদিছে।

71. ইংলেণ্ডৰ পি.এম - কেতিয়া মোৰ দেশৰ পৰা ভণ্ডামি শেষ হ'ব ?
ভগবান - ৫০ বছৰৰ পাছত।
ইংলেণ্ডৰ পি.এম - কান্দি কান্দি ক'লে মই সেয়া চাবলৈ ইমান বছৰ জীয়াই নাথাকিম।
এইবাৰ……
ভাৰতৰ পি.এম. - কেতিয়া আমাৰ দেশৰ পৰা ভণ্ডামিবোৰ শেষ হ'ব ?
ভগবান - কান্দি কান্দি ক'বলৈ ধৰিলে ভণ্ডামি নোহোৱা তোমাৰ দেশখন চাবলৈ মই ইমান দিন জীয়াই থাকিব নোৱাৰিম।

72. শিক্ষক - ট্ৰেফিক লাইট কিয় ৰঙা ৰঙলৈ সলনি হয় ?
ডলি - যদিহে আপুনি ৰাস্তাত ৰ'ব লাগে আৰু ৰাস্তাৰ মাজলৈ যাবলৈ বিচাৰে, তেতিয়া এনে হয়।

73. মাধৱ - মোৰ স্কুললৈ যাবলৈ মন নাই।
মা - কিয় নোযোৱা ?
মাধৱ - মোৰ গাটো ভাল লগা নাই।
মা - তোমাৰ ক'ত ভাল নালাগে ?
মাধৱ - স্কুলত।

74. জেইলাৰ - তোমাৰ শেষ ইচ্ছা কি ?
কয়েদী - মই আম খাবলৈ বিচাৰো।
জেইলাৰ - কিন্তু এই সময়তটো আম পোৱা নাযায়।
কয়েদী - সমস্যা নাই, মই ৰ'ব পাৰো।

75. শিক্ষক - ড্ৰয়িং ৰুম কি ?
ছাত্ৰ - যিটো কোঠাত আমি ড্ৰয়িং কৰোঁ।

76. দেউতাক - যদি মোৰ হাতত পাঁচটা নাৰিকল থাকে আৰু মই যদি তোমাক তিনিটা দিও মোৰ হাতত কিমানটা থাকিব ?
টুটু - মই নাজানো ?
দেউতাক - কিয় নাজানা ?
টুটু - কাৰণ, আমাৰ স্কুলত আমি সকলো পাটিগণিতৰ অংক আপেল আৰু কমলা টেঙাৰে হিচাপ কৰি সমাধান কৰো।

77. ডাক্তৰ - আপুনি ফিল্টাৰ কৰা পানীহে খাব আৰু তেল তথা কফি ত্যাগ কৰিব।
ৰোগী - কিন্তু, মই কেৱল ফিল্টাৰ কৰা কফিহে খাওঁ। ঠিকে আছেনে ডাক্তৰ বাবু।

78. ডাক্তৰ - এই বড়ি দুটা কিনি ল'বা।
ৰোগী - সেইকেইটা কিয় ?
ডাক্তৰ - গোলপীয়া বড়িটোৱে টোপনি আনিব আৰু সেউজীয়া বড়িটো খালে তুমি টোপনিৰ পৰা সাৰ পাবা।

79. উকীল - মই আপোনাৰ পৰা সকলো কথা জানিব লাগিব। তেতিয়াহে মই আপোনাৰ হৈ আদালতত যুঁজিব পাৰিম। আপুনি মোক আটাইখিনি সঁচাই কৈছেনে ?
ক্লায়েণ্ট - মই টকাখিনি ক'ত লুকাই থৈছো এই গোপন কথাটোৰ বাহিৰে আটাইবোৰ আপোনাক সঁচাই কৈছো। কিয়নো, টকাখিনি মইহে পাব লাগিব।

80. ৰাজ - ডাক্তৰ, মোক সহায় কৰক। মোৰ ভণ্টিয়ে লিফ্ট বুলি ভাবে।
ডাক্তৰ - তাইক মোৰ ওচৰলৈ আনিবা।
ৰাজ - মই তাইক ধৰিবই নোৱাৰো। তাই মজিয়াত নৰয়।

81. বেংক মেনেজাৰ - আপুনি কেনেধৰণৰ একাউণ্ট খুলিব খোজে।
মিচেছ বসুমতাৰী - এটা জইণ্ট একাউণ্ট। মি. বসুমতাৰীয়ে জমা কৰিব আৰু মই খৰছ কৰিম।

82. সিদ্ধাৰ্থ - আপোনাৰ ল'ৰা পঢ়া-শুনাত বৰ কেচা।
বিৰাজ - আপুনি কিয় তেনেকৈ কৈছে।
সিদ্ধাৰ্থ - আপোনাৰ ল'ৰাৰ উত্তৰ বহীৰ পৰা চাই লিখোতেইতো মোৰ ল'ৰাই ফেইল কৰিছে।

83. শিক্ষক - এয়াৰ বাছ কি ?
ছাত্ৰ - ই এখন বতাহত উৰা বাছ, ছাৰ।

84. বিজয় - মই বেড টি খোৱাৰ আগতে বৰ কষ্টকৰ কাম কৰো।
গৌতম - কষ্টকৰ কামটোনো কি ?
বিজয় - টোপনিৰ পৰা সাৰ পোৱাটো।

85. স্মিতা - মই ভালকৈ গান গাব পাৰো, নহয়নে ?
ৰিতা - তুমি ৰেডিঅ'তহে থাকিব লাগিছিল।
স্মিতা - তুমি মোক ইমান ভাল গান গাও বুলি ভাবা নে?
ৰিতা - নহয়, তোমাৰ মাতটো ইমান কৰ্কশ যে ৰেডিঅ হোৱা হ'লে চুইচ বন্ধ কৰি থব পাৰিলোহেঁতেন।

86. গৰাকী - তুমি আজি ৰান্ধা আহাৰখিনি বৰ বেয়া হৈছে। যোৱাকালি বৰ ভাল হৈছিল।
চাকৰ - মহাশয়, সেইটো কেনেকৈ হ'ব ? মইতো আজিও যোৱাকালিয়েই ৰান্ধি থোৱা সেই একেখিনি আহাৰকে আপোনাক খাবলৈ দিছো।

87. শংকৰ - তুমি জানানে নৱৰ জন্মদিন কেতিয়া ?
ছোনিয়া - নাই নাজানো। কিন্তু, মই ভাবো এইবছৰৰ কোনোবা এটা দিনত হ'ব।

88. ৰাহুল - মই ওজন কমাবলৈ সপ্তাহত দুবাৰকৈ ঘোঁৰাৰ পিঠিত উঠি দৌৰো।
ৰবি - কামত আহিছেনে ?
ৰাহুল - বৰ্তমানলৈকে ঘোঁৰাটোৰ ২৩ পাউণ্ড মান ওজন কমিছে।

89. ভিক্ষাৰী - মোক পাঁচ টকা দিয়ক। কাৰণ মই এতিয়াই যাব লাগে আৰু মোৰ পৰিয়ালৰ লোকক লগ ধৰিব লাগে। মোৰ ল'ৰা-ছোৱালীবোৰে নিশ্চয় কান্দি আছে। অনুগ্ৰহ কৰি মোক পাঁচ টকা দিয়ক।
ভদ্ৰলোক - তোমাৰ পৰিয়াল ক'ত ?
ভিক্ষাৰী - চিনেমা হলত। মোৰ টিকটৰ বাবে পাঁচ টকা কম হৈছে।

90. বিচাৰক - তুমি এতিয়ালৈকে ১০ বাৰ জেললৈ আহিলা। মই তোমাক ১০০ টকাৰ জৰিমনা বিহিছো।
ৰাজ - আপোনাৰ নিয়মীয়া গ্ৰাহক হোৱাৰ বাবে আপুনি মোক অলপ ৰেহাই নিদিয়েনে ?

91. শিক্ষক - ৰাহুল, যদি তুমি নেপোলিয়ানৰ বিষয়ে কিবা ক'ব পাৰা তেন্তে মই তোমাক বুৰঞ্জীত এ গ্ৰেড দিম।
ৰাহুল - তেওঁৰ মৃত্যু হৈছে, ছাৰ।

92. শিক্ষক - তোমালোকে ক'ব পাৰিবা নে, হাতী ক'ত বিচাৰি পায় ?
ছাত্ৰ - আমি হাতী বিচাৰিবই নালাগে, ছাৰ। ইমান প্ৰকাণ্ড যে, সিহঁত কেতিয়াও নেহেৰুৱাই।

93. ৰোগী - ডাক্তৰ, মই টোপনিতে খোজ কাঢ়ো। ইয়াৰ নিৰাময় কেনেকৈ হ'ব ?
ডাক্তৰ - বেডৰুমৰ মজিয়াত কিছুমান গজাল পুতি থ'ব।

94. মিনা - ভূঁইকপৰ পাছত এজনী গায়ে কি উৎপন্ন কৰিব ?
বীণা - মিল্ক শ্বেক।

95. শিক্ষক - গাখীৰতকৈ বগা একো নাই।
ছাত্ৰ - আছে, মহাশয়।
শিক্ষক - কি বাৰু ?
ছাত্ৰ - ৱাশ্বিং পাউডাৰ নিৰ্মা, দুধছে সফেদি নিৰমা ছে আয়ী।

96. ৰোগী - ডাক্তৰ, মোৰ চুলিবোৰ সৰিব ধৰিছে। এয়া বন্ধ কৰিবলৈ আপুনি মোক কিবা দিব পাৰিবনে ?
ডাক্তৰ - এটা কাঠৰ বাকচ কেনে হ'ব ?

97. নাৰ্ছ - মিঃ বসুমতাৰী, আপুনি আজি ৰাতিপুৱাৰ পৰা ভালকৈ কাঁহিব পাৰিছে, নহয়নে ?
ৰোগী (খঙেৰে) - গোটেই ৰাতি কাঁহিবলৈ চেষ্টা কৰি থকাৰ বাবেহে এইটো সম্ভৱ হৈছে; ঔষধৰ বাবে নহয়।

98. চিনেমা হলত টিকেট বিক্ৰেতা - যোৱা ১৫ মিনিটৰ ভিতৰত আপুনি এইটো ১০ নম্বৰ টিকেট ক্ৰয় কৰিছে।
টিকেট লওঁতা - মই জানো, কিন্তু কি কৰিব ? লাইট মেনজনে ভিতৰত সোমালেই টিকটবোৰ ফালি দিয়ে।

99. বিনয় - মা, পম্পীয়ে এটা পোক খাইছে।
মাক - তেন্তে তুমি কি কৰিলা ?
বিনয় - মই পোকটো মাৰিবলৈ তাইক অলপ-কীটনাশক দ্ৰব্য খুৱাই দিছো।

100. অনুজ - যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেন্তে কি হ'ব ?
অক্ষয় - আমি আমাৰ বুৰঞ্জীৰ পুথিত পুনৰ এটা নতুন অধ্যায় পঢ়িবলৈ পাম।

101. শিক্ষক - অদৃশ্য মানৱতকৈ অধিক অদৃশ্য কি ?
ছাত্ৰ - অদৃশ্য মানৱৰ ছাঁ।

102. হিমন্ত - আপুনি ইমান সময় আয়নাৰ সন্মুখত কিয় থিয় হৈ আছে।
গগৈ - মই মনত পেলাবলৈ চেষ্টা কৰি আছো, এই মুখখন ক'ত দেখিছিলোঁ।

103. ৰোগী - ডাক্তৰ, মই মোৰ তেজৰ গ্ৰুপ জানিব খোজো।
ডাক্তৰ - বি-পজিটিভ
ৰোগী - অনুগ্ৰহ কৰি সোনকালে কওঁক।
ৰোগী -মই পজিটিভেই আছো; কিন্তু মোৰ তেজৰ গ্ৰুপ জানিবলৈ ইমান সময় ৰৈ থাকিব নোৱাৰো।

104. দেউতাক - তুমি অংকৰ পৰীক্ষাত কিমান নম্বৰ পাইছা ?
জীয়েক - গৰিমাতকৈ ৫০ নম্বৰ কম।
দেউতাক - গৰিমাই কিমান পাইছে ?
জীয়েক - ৫০ নম্বৰ।

105. শিক্ষক - কাবেৰী, হিমালয়ত থকা এটা জন্তুৰ নাম কোৱা।
কাবেৰী - ৰেইন দিয়েৰ, ছাৰ।
শিক্ষক - ঠিক আছে। আন এটাৰ নাম কোৱাচোন।
কাবেৰী - আন এটা ৰেইন দিয়েৰ।

106. ১ম জন - যেতিয়া মানুহে মোক কিবা কথা কয়, মই তাৰ আধাহে বিশ্বাস কৰোঁ।
২য় জন - কিয় ?
১ম জন - কাৰণ, মই উকীল।
২য় জন - মানুহে যেতিয়া মোক কিবা কথা কয়, মই ইয়াৰ দুগুণ বিশ্বাস কৰো।
১ম জন - কিয় ?
২য় জন - কাৰণ, মই আয়কৰ বিষয়া।

107. শিক্ষক - স্কুলত শিক্ষকৰ প্ৰশ্নৰ উত্তৰত ছাত্ৰ-ছাত্ৰীয়ে দিয়া অধিক জনপ্ৰিয় আৰু ব্যৱহৃত উত্তৰটো কি ?
ছাত্ৰী - মই নাজানো।
শিক্ষক - শুদ্ধ উত্তৰ।

108. শিক্ষক - এনে এটা বস্তুৰ নাম কোৱা যিটো পৰিলে আঘাত নাপায়।
ছাত্ৰ - বৰষুণ।

109. ৰাহুল - কেতিয়া বৰষুণ নাহে ?
ৰোহন - ছাতিৰ তলত থাকিলে।

110. মিণ্টু - সকলোৰে আগত মোক ইডিয়ট বুলি কৈ তুমি কি বুজাব খুজিছা ?
চিণ্টু - ক্ষমা কৰিবা, এইটো অতিকে গোপনীয় কথা বুলি মই জনাই নাছিলো।

111. শৰ্মা - মোক ৰক্ষা কৰক, মোৰ সৰ্বনাশ হ'ল! মোৰ সৰ্বস্ব ডকাইতে লৈ গ'ল! সিহঁতে মোৰ ঘড়ী, সোণৰ হাৰ, টকা-পইচা সকলো লৈ গ'ল।
পুলিছ - কিন্তু আপোনাৰ পিষ্টলটো লগতেই আছে, নহয়নে ?
বক্তা - হে ভগৱান, ৰক্ষা! সিহঁতে এইটো দেখাই নাপালে,!!

112. নমিতা - মোৰ মা-দেউতাই আইৰণ আৰু ষ্টীলৰ ব্যৱসায় কৰে।
মম্পী - সচাঁ !
নমিতা - অ, সেয়েহে মায়ে আইৰণেৰে আৰু দেউতাই-ষ্টীলেৰে মাৰপিট কৰে।

113. ৰসায়ন বিজ্ঞানৰ শিক্ষক - কৰণ, কোনবিধ তৰল পদাৰ্থ গোট নামাৰে ?
কৰণ - গৰম পানী, ছাৰ।

114. শিক্ষক - মেকুৰী পৰিয়ালৰ তিনিটা সদস্যাৰ নাম ক'ব পাৰিবানে ?
ছাত্ৰ - বাপেক মেকুৰী, মাক মেকুৰী আৰু কেঁচুৱা মেকুৰী।

115. ৰোগী - ডাক্তৰ, যেতিয়া মানুহ এজন গাড়ী এখনৰ তলত পৰি যায়, তেতিয়া তেওঁ কি কৰিব ?
ডাক্তৰ - গাড়ীখনৰ নম্বৰ টুকি ৰাখিব।

116. গ্ৰাহক - 'হাফ চিকেন'ৰ বাবে মই কিমান সময় অপেক্ষা কৰিব লাগিব ?
ৱেইটাৰ - যেতিয়ালৈকে অন্য এজনে চিকেনৰ আনটো হাফৰ অৰ্ডাৰ নিদিয়ে তেতিয়ালৈ। আমি মুৰ্গী এটাৰ আধা অংশ মাৰিব নোৱাৰো।

117. বিচাৰক - তুমি এই চুৰি কামটো কৰিছানে ?
দোষী - হয়।
বিচাৰক - অকলেনে ?
দোষী - এৰা, মহাশয়। দিনকাল বৰ বেয়া হৈছে আৰু এনে পৰিস্থিতিত আপুনি কাকো বিশ্বাস কৰিব নোৱাৰে।

118. এদিনাখন ৰাম, শ্যাম আৰু কৃষ্ণ নামৰ তিনিজন বন্ধুৱে স্কুললৈ পলমকৈ আহিল। তেওঁলোকৰ পলম হোৱাৰ কাৰণ সোধাত এনেদৰে উত্তৰ দিলে -----
ৰাম - মোৰ চাইকেলৰ পাম্চাৰ হৈছিল।
শ্যাম - মোৰ চাইকেলৰ পাম্চাৰ হৈছিল।
কৃষ্ণ - মোৰ চাইকেলৰ পাম্চাৰ হৈছিল।
শিক্ষক - তোমালোক তিনিওৰে চাইকেল একেলগে পাম্চাৰ কিয় হ'ল ?
তিনিও বন্ধু - আমি একেখন চাইকেলেৰে আহি আছিলো।

119. কিতাপ বিক্ৰেতা - এই কিতাপখনে পৰীক্ষাত তোমাৰ আধা সমস্যা নাইকিয়া কৰিব।
ছাত্ৰ - তেন্তে, মোক দুখন দিয়ক।

120. শিক্ষক - তুমি কিয় স্কুললৈ আহোতে পলম কৰিলা ?
ছাত্ৰ - কাৰণ, আহি থাকোতে মই ৰাস্তাত এখন পথ সংকেত দেখা পাইছিলো।
শিক্ষক - তাত কি আছিল ?
ছাত্ৰ - তাত লিখা আছিল লাহে লাহে যোৱা সন্মুখত স্কুল আছে।

121. শিক্ষক - কোনটো শব্দৰ উচ্চাৰণ সদায় ভুল হয় ?
ছাত্ৰী - ভুল শব্দটোৰ ছাৰ।

122. শিক্ষয়িত্ৰী - ছাবিয়া, দুটা প্ৰ'নাউনৰ নাম কোৱা ?
ছাবিয়া - কোন, মই ?
শিক্ষয়িত্ৰী - গুড।




Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form