#JusticeForZubeenGarg: অসমৰ শিল্পী আৰু জনসাধাৰণৰ একমাত্ৰ দাবী

#JusticeForZubeenGarg, justice for zubeen garg, zubeen garg,

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত সমগ্ৰ অসম জুৰি অব্যাহত আছে #JusticeForZubeenGarg আন্দোলন। পত্নী গৰিমা শইকীয়া গাৰ্গ, শিল্পী সমাজ, সাধাৰণ জনতা, আৰু AASU-ৰ এই দাবী কিয়? জানক শেহতীয়া সকলো খবৰ আৰু সঁচা কথা।

অসমীয়া সংস্কৃতিৰ 'ক'হিনুৰ', লক্ষ লক্ষ লোকৰ আবেগ আৰু প্ৰেৰণাৰ উৎস, জুবিন গাৰ্গৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৱে এতিয়াও সমগ্ৰ অসমবাসীক শোকস্তব্ধ কৰি ৰাখিছে। ছিংগাপুৰত ঘটা তেওঁৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত, যোৱা কেইসপ্তাহমান ধৰি এটা শব্দই সকলোৰে মুখত ধ্বনিত হৈছে – #JusticeForZubeenGarg

এইটো কেৱল এটা হেচটেগ নহয়। এয়া জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, শিল্পী সমাজ, ছাত্ৰ সংগঠন (AASU), আৰু সাধাৰণ জনতাৰ অন্তৰৰ চিঞঁৰ, যিয়ে ঘটনাৰ আঁৰৰ সত্য পোহৰলৈ অনাৰ দাবী জনাইছে। বৰ্তমান এই ন্যায় বিচাৰৰ আন্দোলনে এক শক্তিশালী ৰূপ লৈছে। কিন্তু কিয় ইমান জনসাধাৰণ এই দাবীৰে একত্ৰিত হৈছে?

প্ৰাৰম্ভিকভাৱে জুবিন গাৰ্গৰ মৃত্যুক সাঁতোৰা সময়ৰ দুৰ্ঘটনা বুলি কোৱা হৈছিল। কিন্তু সময়ৰ লগে লগে এই ঘটনাত কেইবাটাও ৰহস্য আৰু সন্দেহৰ সৃষ্টি হৈছে, যাৰ বাবে এটা স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ দাবী উঠিছে।

বৰ্তমানলৈকে SIT-এ মূল ইভেণ্ট সংগঠক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, গায়কৰ দুজন PSOs, গায়কৰ সম্পৰ্কীয় আৰক্ষী বিষয়া সন্দীপন গাৰ্গকে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পৰাই স্পষ্ট হয় যে বিষয়টোত গভীৰভাৱে কিবা ৰহস্য লুকাই আছে। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভনীয়েক পামী বৰঠাকুৰে সামাজিক মাধ্যমত আৰু জনসাধাৰণৰ আগত বাৰে বাৰে ন্যায় বিচাৰি আৱেগিক আহ্বান জনাইছে। তেওঁলোকৰ এই আহ্বান সমগ্ৰ অসমবাসীৰ প্ৰতিধ্বনি।

#JusticeForZubeenGarg আন্দোলনে কেৱল অনলাইনতে সীমাবদ্ধ থকা নাই। ই সমগ্ৰ ৰাজ্যতে ব্যাপক ৰূপ লৈছে: গৰিমা শইকীয়া গাৰ্গৰ তেওঁ নিজৰ ফেচবুক কভাৰ ফটো সলনি কৰি প্ৰতিবাদ জনাইছে আৰু মাত্ৰ ১০ দিনৰ ভিতৰত ন্যায় বিচাৰি দাবী উত্থাপন কৰিছে। AASU-এ জুবিন দাৰ বাবে ন্যায় দাবী কৰি ৰাজ্যজুৰি ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে ধৰ্ণা, বন্তি প্ৰজ্বলন আৰু 'ন্যায় সমদল' ('Nyay Samdal')। বহু শিল্পীয়ে অনলাইনযোগে আবেদন আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ তদন্তৰ স্বচ্ছতা দাবী কৰিছে। জুবিনৰ মৃত্যুৰ বিষয়টোৱে এতিয়া ৰাজনৈতিক ৰূপো লৈছে, বিভিন্ন ৰাজনৈতিক দলসমূহে এই বিষয়ত মত প্ৰকাশ কৰিছে আৰু দোষীক শাস্তি দিয়াৰ দাবী জনাইছে।

জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল আমাৰ সমাজৰ এক শক্তিশালী কণ্ঠস্বৰ। তেওঁৰ মৃত্যুৰ আঁৰৰ সত্য উদঙোৱাটো কেৱল তেওঁৰ পৰিয়ালৰ বাবে নহয়, সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিজন অসমীয়া লোকৰেই এয়া দাবী হোৱা উচিত যে, এই প্ৰতিভাশালী শিল্পীজনৰ মৃত্যুৰ সৈতে জড়িত সকলো ব্যক্তিৰ ওপৰত উচিত ব্যৱস্থা লোৱা হওক।

বৰ্তমান SIT-এ গোচৰটোৰ ওপৰত কাম কৰি আছে আৰু কেইবাজনো লোকক জেৰা কৰিছে। আমি আশা কৰো যে শীঘ্ৰেই এই তদন্তই এক সঠিক সিদ্ধান্তত উপনীত হ'ব, যাতে জুবিন গাৰ্গৰ আত্মাই শান্তি লাভ কৰে, আৰু তেওঁক ভালপোৱা লাখ লাখ অনুৰাগীয়ে উচিত ন্যায় পায়।

আপোনাৰ প্ৰতিক্ৰিয়া কি? আপুনিও যদি জুবিন দাৰ ন্যায় বিচাৰে, তেন্তে কমেণ্টত লিখক: #JusticeForZubeenGarg

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form